Massive Fire Breaks Out at Nagarbera : বিধ্বংসী অগ্নিকাণ্ড;জুইত ভস্মীভূত ১৮ লক্ষাধিক টকাৰ সামগ্ৰী
নগৰবেৰা, ৬ মাৰ্চ : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ড ভস্মীভূত ৮টাকৈ বাসগৃহ(Massive Fire Breaks Out at Nagarbera)।
নগৰবেৰাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । বুধবাৰে নগৰবেৰাৰ কালুবাৰীত সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনাটো ।
জানিব পৰা মতে, এই অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে ৮টাকৈ বাসগৃহ ভস্মীভূত হৈ প্ৰায় ১৮ লাখ টকাৰ সম্পত্তিৰ বিনষ্ট হয় ।
উল্লেখ্য যে এই বিধ্বংসী অগ্নিকাণ্ডটো ফলত আব্দুল ছালাম,স্বহজাহান আলী আৰু ময়জুদ্দিন আলী নামৰ তিনিজন লোকৰ ৮ টা গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ভস্মীভূত হয় জীৱন্ত অগ্নিদগ্ধ হয় চাৰিটাকৈ ছাগলী, ঘৰত মজুত ৰখা ধান,চাউল,মাকৈ,চাৰিখন চাইকেল, প্ৰয়োজনীয় নথি পত্ৰ লগতে ঘৰৰ যাবতীয় আচবাব পত্ৰ । ইয়াৰ লগতে ১ লাখ ২০ হাজাৰ টকা নগধ ধনসহ প্ৰায় ১৮ লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয় ৷
কহুঁৱা বনত লগাই দিয়া জুইৰ ফিৰিঙতিৰ পৰাই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰে ভুক্তভোগী পৰিয়ালে(Massive Fire Breaks Out at Nagarbera) ৷