Massive fire breaks out at Morigaon : ১০ টাকৈ চিলিণ্ডাৰ আৰু পেট্ৰ’ল-ডিজেলৰ ড্ৰাম বিস্ফোৰণ,ভস্মীভূত কেইবাখনো দোকান
নিউজ ডেস্ক,২৫মে’ : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত কেইবাখনো দোকান ।
মায়ঙৰ বালিমুখ বজাৰত সংঘটিত হৈছে ভয়ানক অগ্নিকাণ্ডৰ ঘটনাটো।এই অগ্নিকাণ্ডৰ ফলত ১০ টা চিলিণ্ডাৰ বিস্ফোৰণ ঘটে ফলত অঞ্চলটোত থকা পেট্ৰ’ল আৰু ডিজেলৰ দোকানৰ কাষতে লাগে জুই। পেট্ৰ’ল-ডিজেলৰ ড্ৰাম বিস্ফোৰণ ঘটে । নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে বজাৰখন।ভষ্মীভূত কেইবাখনো দোকান(Massive fire breaks out at Morigaon )।
লগতে লগে ঘটনাস্থলীত উপস্থিত সহস্ৰাধিক ৰাইজ।ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় অগ্নিনিৰ্বাপক বাহিনীৰ । অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপন কৰে ।
লগতে পঢ়ক : Woman goes missing : ১০দিনে সন্ধান নাই ঢেকিয়াজুলিৰ বৰষা দৈমাৰী ৰাভাৰ