Local, Vocal, Global

Massive fire breaks out at Lumding : বিধ্বংসী অগ্নিকাণ্ড ;অগ্নিকাণ্ডত ভস্মীভূত ৫ খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান ।

নিউজ ডেস্ক,৬ মে’ : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত ৫ খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান ।

লামডিঙত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ৷ সোমবাৰে পুৱা প্ৰায় ৪ বজাৰত হৰুলংফাৰ লাষ্ট ক’লনিত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো(Massive fire breaks out at Lumding) ৷

এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত জুইত জাহ যায় ৫ খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান ৷ ধাৰাষাণ বৰষুণৰ পিছতো ব্যৱসায়ীক প্ৰতিষ্ঠান কেইখন জুইৰ পৰা ৰক্ষা নপৰিলে ৷

জানিব পৰা মতে, এখন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুইৰ সূত্ৰপাত হয় ৷এই অগ্নিকাণ্ডৰ ইমানে ভয়ংকৰ আছিল যে, অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহি ঘটনাস্থলীত উপস্থিত হোৱালৈ ৫খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান জুইত সম্পূৰ্ণ ৰূপে জাহ যায় ৷ইফালে অগ্নিকাণ্ডৰ ফলত জুইত কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি জাহ যোৱাৰ সন্দেহ ৷

এই অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা যোৱা নাই।

লগতে পঢ়ক : Mysterious Death of Assam Youth : পুনৰ বহিঃৰাজ্য মৃত্যু অসমৰ যুৱকৰ