Local, Vocal, Global

Watch | Massive fire breaks out at Jio-Bp petrol pump in Biswanath Nagar: বিশ্বনাথ নগৰৰ Jio-Bp পেট্ৰল পাম্পত সংঘটিত হয় ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা

বিশ্বনাথ: বিশ্বনাথ নগৰৰ Jio-Bp পেট্ৰল পাম্পত সংঘটিত হয় ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা। নিমিষতে জ্বলি ছাই হৈ গল কেইবাখনো যান-বাহন। দাওদাওকৈ জ্বলি উঠিল জুই। কথমপি জ্বলাৰ পৰা ৰক্ষা পৰিল সমস্ত পেট্ৰল পাম্পৰ লগতে বিশ্বনাথৰ এক বৃহৎ অঞ্চল। অগ্নিকাণ্ডৰ ঘটনাত উক্ত পেট্ৰল পাম্পৰ গাতে লাগি থকা ষ্টৰ ৰোমত থকা ট্ৰেক্টৰ,মটৰ চাইকেল আৰু বহুতো সা-সামগ্ৰী সম্পূৰ্ণ ভষ্মিভূত হয়। কেইবাখনো অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ী উপস্হি হৈ এই জুই বৰ্তমানো নোমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে। প্ৰায় দুই তিনি কোটি টকাৰ সা-সামগ্ৰী এই অগ্নিকাণ্ডত ক্ষতিগ্রস্ত হয়।