Local, Vocal, Global

Massive Fire Breaks Out at Gohpur : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ, প্ৰয়োজনীয় নথি-পত্ৰ

নিউজ ডেস্ক, ১৩ মাৰ্চ : বিধ্বংসী অগ্নিকাণ্ড।নিমিষতে ভস্মীভূত বাসগৃহ।

গহপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । বুধবাৰে গহপুৰৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত চন্দামাৰী বঙালী গাঁৱত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো । ফলত নিমিষতে জাহ যায় এটা কৃষক পৰিয়ালৰ বাসগৃহ(Massive Fire Breaks Out at Gohpur)।

ঘটনাৰ বিৱৰণী অনুসৰি, বুধবাৰে পুৱা প্ৰায় ১০.৩০ বজাত গাঁৱখনৰ নিবাসী ধৰ্মকান্ত ছেত্ৰীৰ বাসগৃহত আকস্মিকভাৱে জুইৰ সূত্ৰপাত ঘটে। নিমিষতে জুইয়ে আগুৰি ধৰে বাসগৃহটোৰ চাৰিওকাষ। ফলত বিধ্বংসী জুইত জাহ যায় ৫ টা কোঠালী। জুইত জাহ যায় ঘৰটোৰ লগতে সমস্ত বয়বস্তু, কাঠৰ আচবাব, কাপোৰ কানি, বাচন বৰ্তন, সা-সামগ্ৰী আদি।

স্থানীয় ৰাইজৰ প্ৰচেষ্টাত জুই নুমুৱাবলৈ সক্ষম হয় যদিও জুইত সম্পূৰ্ণ ৰূপে জাহ যায় সাধাৰণ কৃষক ধৰ্মকান্ত ছেত্ৰীৰ বাসগৃহটো। অগ্নিকাণ্ডৰ ফলত ধৰ্মকান্ত ছেত্ৰীৰ ৫টা কোঠালীৰ বাসগৃহটো জুইত জাহ যোৱাৰ উপৰিও প্ৰায় চাৰিটোলা সোণ, নগদ ২০ হাজাৰ টকা, গুটী ধান ২০ বেগ, ফ্ৰীজ, ৱাছিং মেছিং, ফেন, বিভিন্ন প্ৰয়োজনীয় নথি-পত্ৰ,বেংক আৰু মাটিৰ কাগজ পত্ৰ আদি নিমিষতে ভস্মীভূত হয়(Massive Fire Breaks Out at Gohpur)।

জানিব পৰা মতে, স্থানীয় লোকে অগ্নি নিৰ্বাপক বাহিনীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে যদিও গহপুৰৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি উপস্থিত হওঁতে প্ৰায় ডেৰঘণ্টা সময় লাগে।

বৈদ্যুতিক শ্ব’ৰ্ট শ্বাৰ্কিতৰ ফলত উক্ত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰে।

লগতে পঢ়ক : UP Groom Plays Statue Standing On A Car : ষ্টান্ট দেখুৱাই আনিবলৈ গৈছিল মনৰ মানুহজনীক; তাৰ পাছত দৰাৰ হ’ল বিৰূপ দশা