Local, Vocal, Global

Massive fire breaks out at Duliajan : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ব্যৱসায়িক প্ৰতিষ্ঠান

নিউজ ডেস্ক,২জুন : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত ব্যৱসায়িক প্ৰতিষ্ঠান ।

দুলীয়াজানত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । শনিবাৰে নিশা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনাটো ।

জানিব পৰা মতে, দুলীয়াজানৰ আনন্দপাৰা তিনিআলিত থকা গগৈ মাৰ্কেটৰ গায়েত্ৰী বস্ত্ৰালয় নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জুইৰ সূত্ৰপাত ঘটে । এই ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত দুলীয়াজান আৰক্ষী তথা অইল ইণ্ডিয়াৰ ২ খনকৈ অগ্নিনির্বাপক বাহিনীৰ বাহন উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত বহু সময় চেষ্টা কৰাৰ অন্তত এই জুই নির্বাপন কৰিবলৈ সক্ষম হয়(Massive fire breaks out at Duliajan) ।

অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণভাৱে ভস্মীভূত হয় অংশু কুমাৰ গুপ্তা নামৰ স্বত্বাধিকাৰীগৰাকীৰ গায়েত্ৰী বস্ত্ৰালয় নামৰ কাপোৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন । অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও কেইবা লক্ষাধিক টকাৰ বয়-বস্তু জুইত ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে । এই ঘটনাক লৈ নিশা দুলীয়াজানত তীব্ৰ চাঞ্চল্য আৰু উত্তেজনাপূৰ্ণ পৰিস্থিতি সৃষ্টি হয় ।

লগতে পঢ়ক : Sensational Murder In Dhakuakhana : ডিঙি কাটি টুকুৰা টুকুৰ কৰি জ্বলাই দিলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰক