Massive Fire Breaks Out at Duliajan : বিধ্বংসী অগ্নিকাণ্ড ;ভস্মীভূত বাসগৃহ লগতে মূল্যবান নথি পত্ৰ

নিউজ ডেস্ক, ৩ মাৰ্চ : বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ ।
দুলীয়াজানত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। শনিবাৰৰ নিশা দুলীয়াজানৰ ছলাকটকী অঞ্চলৰ পৱন গুৱালা নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো(Massive Fire Breaks Out at Duliajan)।
জানিব পৰা মতে, এই অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে নিমিষতে জুইত ভস্মীভূত হয় বাঁহ আৰু টকৌ পাতেৰে নিৰ্মিত ঘৰ। ভস্মীভূত ঘৰটোৰ ভিতৰত এখন চাইকেল সহ বিছনা, ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰ, ঘৰৰ অন্যান্য মূল্যবান নথি পত্ৰ সকলো জুইত জাহ যায়।
জুই শালত জ্বলাই থোৱা জুইৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে।
এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ লগে লগে ওচৰ চুবুৰীয়াই নিজাববীয়াকৈ জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা চলাই আৰু অইল ইণ্ডিয়া, অসম গেছ কোম্পানীৰ দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। নিশা ঘটনাস্থলীত স্থানীয় প্ৰশাসনৰ লোক উপস্থিত হৈ তদন্ত চলাই(Massive Fire Breaks Out)।
লগতে পঢ়ক : Five Miscreants Arrested for Blank Firing : সৰুপথাৰৰ ইকৰাণিত শূন্যলৈ গুলীচালনা দুৰ্বৃত্তৰ