Massive fire breaks out at Digaru : বিয়াৰ আনন্দ উল্লাহৰ মাজতে বিধ্বংসী অগ্নিকাণ্ড; ভস্মীভূত বিবাহৰ বাবে অনা সকলো সা-সামগ্ৰী
নিউজ ডেস্ক,২৩ এপ্ৰিল : বিয়াৰ আনন্দ উল্লাহৰ মাজতে বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত বিবাহৰ বাবে অনা সকলো সা-সামগ্ৰী(Massive fire breaks out at Digaru) ।
সোমবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । সোমবাৰে নিশা ডিগাৰুৰ ঘগুৱা গাঁৱত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাটো। ঘগুৱা গাঁৱৰ সন্ধ্যা ডেকাৰ নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো।
জানিব পৰা মতে, অহা দেওবাৰে সন্ধ্যা ডেকাৰ বৰপুত্ৰৰ বিয়া । বিয়াৰ বাবে মানুহ নিমন্ত্ৰণ কৰিবলৈ যোৱাৰ সময়তে শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো। অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় ঘৰখনৰ লগতে সকলো সা-সামগ্ৰী(Massive fire breaks out at Digaru)।
এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয় যদিও ঘৰখন সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়।
এই ভয়ংকৰ অগ্নিকাণ্ডক লৈ সমগ্ৰ অঞ্চলজুৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।
লগতে পঢ়ক : Mysterious Death Of Safari Elephant In Kaziranga National Park : কাজিৰঙাত ছাফাৰীত নিয়োজিত হাতীৰ মৃত্যু