Local, Vocal, Global

Massive Fire Breaks Out at Dibrugarh : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত বহু মূল্যবান সামগ্ৰীৰ

ডিব্ৰুগড়, ১৬ মাৰ্চ : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহসহ বহু মূল্যবান সামগ্ৰীৰ ।

ডিব্ৰুগড়ত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। শনিবাৰে ডিব্ৰুগড়ৰ নতুন নিৰ্মালী গাঁৱৰ ৰামনগৰত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো। এই অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৰাজেশ বৰুৱা নামৰ লোকজনৰ বাসগৃহ(Massive Fire Breaks Out at Dibrugarh)।

জানিব পৰা মতে, প্ৰাৰ্থনাগৃহৰ পৰা অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে। এই অগ্নিকাণ্ডত দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হয় যাক লৈ অঞ্চলজুৰি তীব্ৰ আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।ইফালে অগ্নিকাণ্ডৰ ফলত মটৰ চাইকেলসহ বহু পৰিমানৰ সা-সম্পত্তি ক্ষতিগ্ৰস্ত হয় ।

খবৰ অনুসৰি অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ সময়ত বাসগৃহত নাছিল পৰিয়ালৰ কোনো সদস্য।

এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপন বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়(Massive Fire Breaks Out at Dibrugarh)।

লগতে পঢ়ক : Terrible Road Accident : নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিৰ বাহন দুৰ্ঘটনাগ্ৰস্ত