Local, Vocal, Global

Massive Fire Breaks Out at Chapar : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ড ভস্মীভূত বাসগৃহ,নগদ ধন আৰু কৃষি সামগ্ৰী

চাপৰ,২৭মাৰ্চ : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ড ভস্মীভূত বাসগৃহ,নগদ ধন,কৃষি সামগ্ৰী ।

ধুবুৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । বুধবাৰে ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তাৰাংগাপুৰ ১ম খণ্ড গাঁৱত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো(Massive Fire Breaks Out at Chapar) ।

অগ্নিকাণ্ডৰ ফলত জুইত জাহ যায় বাসগৃহ,নগদ ধন, কৃষি সামগ্ৰী । আফুৰ উদ্দিন নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো । শ্বৰ্ট চাৰ্কিটৰ ফলতে এই বিধ্বংসী অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকৰ।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হয় আৰু স্থানীয় ৰাইজৰ সহযোগত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : Burmese supari seized : গোলোকগঞ্জত বাৰ্মিজ চুপাৰী ভৰ্তি তিনিখন বাহনসহ আটক চাৰি সৰবৰাহকাৰী