Massive fire breaks out at Bilasipara : বিলাসীপাৰাত বিশাল মৰাপাটৰ গুদামত বিধ্বংসী অগ্নিকাণ্ড

বিলাসীপাৰা, ৯ এপ্ৰিল : বিলাসীপাৰাত বিশাল মৰাপাটৰ গুদামত বিধ্বংসী অগ্নিকাণ্ড ।
মঙলবাৰে পুৱতি নিশা সূৰ্যখাতা ১ম খণ্ড গাঁৱত থকা মৰাপাটৰ গুদামত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। নিমিষতে দাউ দাউকৈ জ্বলি উঠে জুই(Massive fire breaks out at Bilasipara) ।
এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছতে বিলাসীপাৰা ,ধুবুৰী, গৌৰীপুৰ ,চাপৰ,কোকৰাঝাৰ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয় আৰু জুই নিৰ্বাপনৰ চেষ্টা চলাই ।
জন বসতিপূৰ্ণ গাঁৱখনত থকা মৰাপাট গুদাম এটাত পুৱতি সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে |
জানিব পৰা মতে, জনবসতিপূৰ্ণ গাঁও খনত মোফিজুল হক (কাছু ) নাম লোকজনৰ গুদাম ঘৰটোত বিলাসীপাৰাৰ ৰবি সাহাই মৰাপাটৰ গুদামটো স্থাপন কৰিছে |
ইফালে এই ভয়ংকৰ ঘটনাটো কেনেকৈ সংঘটি হ’ল ৰহস্য এতিয়াও পোহৰলৈ অহা নাই(Massive fire breaks out at Bilasipara)।
লগতে পঢ়ক : Amit Shah To Attend Mega Poll Rally In Assam’s Lakhimpur Today : আজি অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ