Fire Breaks Out at Batadrava : বিধ্বংসী অগ্নিকাণ্ড; জুইত ভস্মিভূত ১৩ খন দোকান

নিউজ ডেস্ক, ২৮ডিচেম্বৰ : এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । বুধবাৰে নিশা সংঘটিত হয় এই অগ্নিকাণ্ড ।
বুধবাৰে মাজ নিশা বটদ্ৰৱাত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। বটদ্ৰৱাৰ আকাশীগংগাৰ তীৰত থকা ব্যৱসায়ীক প্ৰতিষ্ঠানত সংঘটিত হোৱা এই অগ্নিকাণ্ডটো । এই অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক টকাৰ ক্ষতি হয়(Fire Breaks Out at Batadrava)।
উল্লেখ্য যে,বটদ্ৰৱাৰ আকাশীগংগাৰ তীৰত থকা প্ৰায় ১৩ খন ব্যৱসায়ীক প্ৰতিষ্ঠানত নিশা জুইয়ে চানি ধৰে। ফলত মনিহাৰী সামগ্ৰী, ফটো, কিতাপ, পুতলা, কাপোৰ আদিৰ দোকানৰ লগতে হোটেলে ভস্মিভূত হয়(Massive Fire Breaks Out at Batadrava)।
এই ঘটনাৰ খবৰ পোৱাৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীয়ে এই জুই নুমুৱাবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডত ইতিমধ্য়ে ভস্মিভূত হয় প্ৰায় ৫০ লাখ টকাৰ সা-সামগ্ৰী। অৱশ্যে বৰ্তমানলৈ জানিব পৰা হোৱা নাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত কিদৰে হয়।
লগতে পঢ়ক :Arms Seized in Karbi Anglong : লাহৰিজানত জব্দ অবৈধ মাৰণাস্ত্ৰ আৰু নগদ ধন সহ এজন যুৱক