Local, Vocal, Global

Massive fire breaks out at Barpeta : বিধ্বংসী অগ্নিকাণ্ড ;অগ্নিকাণ্ডত ভস্মীভূত বহু লক্ষাধিক টকাৰ সা-সম্পত্তিৰ

নিউজ ডেস্ক,২০মে’ : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত বহু লক্ষাধিক টকাৰ সা-সম্পত্তিৰ ।

বৰপেটা জিলাৰ পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত মাজগাঁও পশ্চিম পাৰাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । মাজগাঁও পশ্চিম পাৰাৰ ছোৰহাব আলী মৌলবীৰ ঘৰত সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনাটো

জানিব পৰা মতে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ছোৰহাব আলী মৌলবীৰ ঘৰৰ সকলো সা-সামগ্ৰী ভস্মীভূত হয়(Massive fire breaks out at Barpeta)।

এইঅগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছতে অগ্নি কাণ্ডত জাহ যোৱা পৰিয়ালটোক সহায় কৰিবলৈ ইতিমধ্যে মাজগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত মহিলা সকলৰ চিত্ৰলেখা, কৌটিল্য, প্ৰতীক্ষা আৰু যমুনা নামৰ গ্ৰাম্য সংস্থা কেইটা আগবাঢ়ি আহিছে। উক্ত সংস্থা কেইটাই ছোৰহাব আলীক পালেং, টিন পাত, ট্ৰাংক, ফেন আৰু পাকঘৰৰ সামগ্ৰীৰ লগতে খোৱা লোৱাৰ কাৰণে চাউল-দালি আদি প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰে।

আজি ৰাইজৰ দলৰ সম্পাদক মনিৰুজ জামানৰ এটি সজাতি দলে ছোৰহাব আলী মৌলবীৰ ঘৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে উক্ত পৰিয়ালটোক আপুনিও সহায়ৰ হাত আগবঢ়াব পাৰে।

কোনো সদাশয় ব্যক্তিয়ে যদি ছোৰহাব আলী মৌলবীক সহায় কৰিব বিচাৰে তেন্তে লোকজনৰ একাউন্ট নং- 32366751512 ,IFSC :- SBIN0002099, ইয়াৰোপৰি ফ’ন পে’ 7035798024 টো সহায়ৰ হাত আগবঢ়াব পাৰে(Massive fire breaks out at Barpeta)।

লগতে পঢ়ক : Maut dies in Pabitra : পবিতৰাত হাতী মাউতৰ মৃত্যু