Local, Vocal, Global

Massive Fire Breaks Out at Barkhetri : বিধ্বংসী অগ্নিকাণ্ড; অগ্নিকাণ্ডত ভস্মীভূত চাৰিটাকৈ বাসগৃহ

নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰী : বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত চাৰিটাকৈ বাসগৃহ। ভস্মীভূত বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ ।

বৰক্ষেত্ৰীৰ ভাংনামাৰী চৰত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাটো। শনিবাৰে সন্ধিয়াই সংঘটিত হয় এই ঘটনাটো (Massive Fire Breaks Out at Barkhetri)।

জানিব পৰা মতে, এই অগ্নি ইমানে ভয়ংকৰ আছিল যে চাৰিটাকৈ বাসগৃহ জুইত ভস্মীভূত হয় । ভস্মীভূত হয় লক্ষাধিক টকাৰ সা-সম্পত্তি, বহু প্ৰয়োজনীয় নথি-পত্ৰ। কাজিমুদ্দিন আৰু ওমৰ আলী নামৰ লোক দুজনৰ ঘৰত এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে । স্থানীয় লোকৰ তৎপৰতাত নিৰ্বাপণ জুই। ৰান্ধনী ঘৰৰ পৰাই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে(Massive Fire Breaks Out at Barkhetri) ।

লগতে পঢ়ক : Tragic UP accident : মৰ্মান্তিক দুৰ্ঘটনা, মৃতকৰ সংখ্যা ২৪জনলৈ বৃদ্ধি