Local, Vocal, Global

Massive Fire Breaks Out at Baihata Chariali : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ১১টাকৈ বাসগৃহ

নিউজ ডেস্ক, ৯ মাৰ্চ : শিৱৰাত্ৰিৰ নিশাই অঘটন। কামৰূপৰ বাইহাটা চাৰিআলিত শিৱৰাত্ৰিৰ নিশাই সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত ভস্মীভূত হয় ১১টাকৈ বাসগৃহ(Massive Fire Breaks Out at Baihata Chariali )।

শুকুৰবাৰে নিশা বাইহাটা চাৰিআলিৰ টেঙাবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডটো। এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ এঘণ্টা উকলি যোৱাৰ পাছতো অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ ৰাইজৰ(Massive Fire Breaks Out at Baihata Chariali )।

ৰাইজে আপ্ৰাণ চেষ্টাৰ ফত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। বৰ্তমানলৈ জানিব পৰা হোৱা নাই জুই সূত্ৰপাত কাৰণ।

লগতে পঢ়ক : PM Modi takes elephant safari in Assam’s Kaziranga National Park :পুৱাই কাজিৰঙাৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী