WATCH | Massive fire breaks out: ৰঙাপৰাৰ নাহৰনী চাহ বাগিছাত ভয়ংকৰ অগ্নিকাণ্ড;ভস্মীভূত বাসগৃহ
জামুগুৰিহাট,১৯মাৰ্চ : ৰঙাপৰাৰ নাহৰনী চাহ বাগিছাত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ লগতে সা-সম্পত্তি। লাইনৰ পুকলু তাঁতী নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।
অগ্নিকাণ্ডত বাগিচাখনৰ ৪ নং লাইনৰ পুকলু তাঁতীৰ বাসগৃহ সম্পূৰ্ণ ৰূপে জুইত জাহ যায় ৷ কথমপি ৰক্ষা পৰে পুকলু তাঁতীৰ পত্নী আৰু কনমানি সন্তানৰ ৷
নিশা বিদ্যুত নথকাৰ কাৰণে ঘৰত মমবাতি জ্বলাইছিল পুকলু তাঁতীইে ৷ মমবাতিৰ পৰা জুইৰ সূত্ৰপাত হয়(Massive fire breaks out)।
বাসগৃহত থকা সকলে সা- সম্পতি জুইত জাহ যায় ৷ স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত ৰঙাপৰা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷
লগতে পঢ়ক :WATCH | Bohag Bihu : সমাগত বাপতি সাহোন ৰঙালী বিহু