WATCH | Massive fire breaks out : চাপৰৰ ফলিমাৰীত চলন্ত বাহনত জুই
চাপৰ,১১মাৰ্চ : চাপৰৰ ফলিমাৰীত ভয়ংকৰ ঘটনা।
হঠাৎ দাওদাওকৈ জ্বলি উঠিল চাৰিচকীয়া বাহনখন।
কথমপি প্ৰাণ ৰক্ষা পৰে চালকৰ(Massive fire breaks out)।
সৌভাগ্য ক্ৰমে বাহন খনত নাছিল কোনো যাত্ৰী।
সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাহনখন।
ভস্মীভূত হোৱা বাহনখনৰ নম্বৰ AS17C 0782।
যান্ত্রিক বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ চালকৰ।
ফলিমাৰীস্থিত গড়কাপ্তানী বিভাগৰ পথত সংঘটিত হয় এই ভয়ংকৰ ঘটনা।
পলমকৈ ঘটনাস্থলীত উপস্থিত হয় চাপৰ আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী।
অৱশেষত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক :WATCH | Akhil Gogoi : ‘এই বাজেট খনে কেৱল টোপ দিছে’: বিধায়ক অখিল গগৈ