Local, Vocal, Global

WATCH | Massive fire breaks out: কাছাৰৰ দুধপাতিল পূৰ্বগ্ৰামত বিধ্বংসী অগ্নিকাণ্ড

কাছাৰ,১৪জুন : কাছাৰৰ দুধপাতিল পূৰ্বগ্ৰামত বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত জাহ গ’ল দুমহলীয়া অট্টালিকা ।

তপু নাথ নামৰ এগৰাকী লোকৰ বাসগৃহত সংঘটিত হয় বিধ্বংসী এই অগ্নিকাণ্ডৰ ঘটনাটো । নিশা হঠাৎ লোকজনৰ দুমহলীয়া অট্টালিকাত জুইৰ সূত্ৰপাত ঘটে। মুহূৰ্ততে জুইৰ লেলিহান শিখাই চানি ধৰে সমগ্ৰ অট্টালিকাখনত(Massive fire breaks out)।

খবৰ অনুসৰি, ঘৰখনত থকা এটা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বিষ্ফোৰণ অগ্নিকাণ্ডত । ফলত জুইয়ে আৰু ভয়ংকৰ ৰূপ ধাৰণ কৰে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোৰ আতংকৰ সৃষ্টি হয়।

এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে পাই ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে ৷ কেইবা ঘণ্টা চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনী।

বিধ্বংসী এই অগ্নিকাণ্ডত জুইত জাহ যায় লোকজনৰ অট্টালিকা । অগ্নিকাণ্ডত কেইবা লাখ টকাৰ ক্ষয় ক্ষতি হৈছে বুলি অনুমান কৰা হৈছে । বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত ঘটে বুলি সন্দেহ কৰা হৈছে ।

লগতে পঢ়ক :WATCH | Dalgaon News : দলগাঁৱত গুৰুলা গুৰুলকৈ প্ৰহাৰ ছাত্ৰক