WATCH | Massive fire breaks out : জামুগুৰিহাটৰ মধুপুৰস্থিত জামুগুৰি আদৰ্শ বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড
জামুগুৰিহাট,৬মে’ : জামুগুৰিহাটৰ মধুপুৰস্থিত জামুগুৰি আদৰ্শ বিদ্যালয়ৰ দুটাকৈ অস্থায়ী শ্ৰেণী কোঠাত ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিকাণ্ডত জাহ গ’ল শ্ৰেণী কোঠাৰ ভিতৰত থকা ডেক্স বেঞ্চৰ লগতে বহুতো সামগ্ৰী।
পুৱাৰ ভাগত বিদ্যালয়খনৰ অন্যান্য শ্ৰেনী কোঠাসমূহত পাঠদান চলি থকাৰ মাজতে সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো ৷
অগ্নিকাণ্ডৰ ফলত বিদ্যালয় খনত সৃষ্টি হয় এক আতংকময় পৰিৱেশৰ(Massive fire breaks out) ৷
অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপকৰ বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয় ৷
অধ্যক্ষৰ মতে অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হ’ল প্ৰায় চাৰি লাখ টকাৰ সা-সম্পত্তি।
অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্ট চাৰ্কিতৰ সন্দেহ।
লগতে পঢ়ক : WATCH | Jamugurihat Theft: জামুগুৰিহাটত দিন দুপৰতে চুৰিকাণ্ড