WATCH | Massive fire breaks out: ভয়ংকৰ অগ্নিকাণ্ড;ভস্মীভূত বাসগৃহৰ লগতে অগ্নিদগ্ধ হৈ মৃত্যু পশুধনৰ

কাছাৰ,৮এপ্ৰিল : কাছাৰৰ কাটিগড়া চেউতি প্ৰথমখণ্ডত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।
জুইত জাহ গ’ল মনোয়াৰা বেগম নামৰ এগৰাকী বিধৱা মহিলাৰ বাসগৃহ। অগ্নিদগ্ধ হৈ মৃত্যু পশুধনৰ(Massive fire breaks out)৷
দেওবাৰে নিশাৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো। পৰিয়ালৰ লোকে জুই প্ৰত্যক্ষ কৰি কথমপি প্ৰাণ ৰক্ষা কৰি ঘৰৰ পৰা উলাই আহে যদিও মুহূৰ্তৰ মাজত জুইত জ্বলি ভস্মীভূত সম্পূৰ্ণ বাসগৃহ। ঘৰৰ লগতে জুইত জাহ যায় ঘৰত থকা নগদ এক লাখ টকা, সোণৰ আ অলংকাৰ আৰু বিভিন্ন নথিপত্ৰ।
আনকি অগ্নিদগ্ধ হৈ ঘৰৰ ভিতৰত থকা কেইবাটাও ছাগলী আৰু কুকুৰাৰ মৃত্যু ঘটে। ভয়ংকৰ অগ্নিকাণ্ডত সকলো হেৰুৱাই এতিয়া অসহায় হৈ পৰিছে মহিলা গৰাকী। কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছে বুলি সন্দেহ প্ৰকাশ কৰি স্থানীয় আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছে ভুক্তভোগী মহিলা গৰাকীয়ে।
লগতে পঢ়ক : WATCH | North Guwahati News : উত্তৰ গুৱাহাটী নৱ নিৰ্মিত দলঙত অঘটন