Local, Vocal, Global

WATCH | Massive fire breaks out: ব্ৰইলাৰ ফাৰ্ম ভয়ংকৰ অগ্নিকাণ্ড;ভস্মীভূত ব্ৰইলাৰ

জামুগুৰিহাট,৮এপ্ৰিল : শোণিতপুৰৰ চাৰিদুৱাৰত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰ অঞ্চলত উক্ত অগ্নিকাণ্ডটি সংঘটিত হয়। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত এখন ব্ৰইলাৰ ফাৰ্ম ।

জুইৰ লেলিহান শিখাই সমগ্ৰ ফাৰ্মখন আগুৰি ধৰাত সম্পূৰ্ণ ভাৱে ভস্মীভূত হয় ব্ৰইলাৰ। ফাৰ্মখনত থকা প্ৰায় ১৬০০ টা ব্ৰইলাৰ কুকুৰা জ্বলি মৃত্যু মুখত পৰে।

জানিব পৰা মতে,চাৰিদুৱাৰৰ ১ নং জয়ন্তীপুৰ গাঁৱৰ জুংচাৰ বসুমতাৰী, ৰাজা বসুমতাৰী আৰু জয়ন্ত বড়োয়ে একত্ৰিত ভাৱে নতুনকৈ এখন ব্ৰইলাৰ ফাৰ্ম খুলি ব্যৱসায় আৰম্ভ কৰিছিল। নিশা অগ্নিকাণ্ড সংঘটিত হয় ফাৰ্মখনত(Massive fire breaks out)।

অগ্নিকাণ্ডৰ ঘটনাটি হোৱাৰ পিছত দৰিদ্ৰ পৰিয়ালৰ নিবনুৱা যুৱক তিনিজনে সম্প্ৰতি হতাশাত ভাগি পৰিছে। বাহ-খেৰৰে নিৰ্মাণ কৰা ব্ৰইলাৰ ফাৰ্মখনত কেনেকৈ অগ্নিকাণ্ডৰ ঘটনাটি সংঘটিত হ’ল তাৰ প্ৰকৃত কাৰণহে জানিব পৰা হোৱা নাই।

লগতে পঢ়ক : WATCH | Massive fire breaks out: মাজনিশা দেৰগাঁও নেঘেৰিটিং বৰলাইন গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড