Local, Vocal, Global

WATCH | Massive fire breaks out: তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ গৌৰীপুৰ গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড

তিনিচুকীয়া,৫এপ্ৰিল : তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ গৌৰীপুৰ গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড ।

গৌৰীপুৰ গাঁৱৰ সঞ্জয় যাদৱ নামৰ এজন লোকৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড ।

অগ্নিকাণ্ডত সঞ্জয় যাদৱ নামৰ লোকজনৰ দোকান গৃহৰ লগতে বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায়(Massive fire breaks out)।

লোকজনে প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণৰ বাবে লাভ কৰা ৩২৫০০ টকা সম্পূৰ্ণৰূপে জ্বলি যোৱাৰ লগতে অনান্য ধন-সম্পত্তি তথা সামগ্ৰী সমূহো জুইত জাহ যায় ।

স্থানীয় লোকসকলে জুই নিৰ্বাপনৰ চেষ্টা চলাই যদিও অগ্নিকাণ্ডত লোকজনৰ দোকান গৃহৰ লগতে বাসগৃহ জাহ যায়।

দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালটোৰ বাসগৃহত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাৰ পাছতেই চিন্তিত হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটো।

লগতে পঢ়ক : WATCH | Zubeen Garg : ‘ৰঙালী’ অনুষ্ঠানত দৰ্শকৰ সৈতে বাউন্সাৰৰ অভদ্ৰামি