Local, Vocal, Global

WATCH | Massive fire breaks out: নলবাৰীৰ মুকালমুৱাৰ বৰলীয়াৰপাৰত ভয়ংকৰ অগ্নিকাণ্ড

নলবাৰী,৩এপ্ৰিল : নলবাৰীৰ মুকালমুৱাৰ বৰলীয়াৰপাৰত ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত দহখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। প্ৰায় ডেৰ কোটি টকাৰ সম্পত্তিৰ ক্ষতিসাধন।

বুধবাৰে নিশা প্ৰায় ১.২৫ বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো(Massive fire breaks out)।

জানিব পৰা মতে, এই অগ্নিকাণ্ডৰ ফলত মৌচুমী হোটেলৰ হানিফ আলী নামৰ ব্যৱসায়ীজনৰ প্ৰায় ১৫ লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়। কাপোৰৰ whole sale ব্যৱসায়ী মোজাম্মিল হক নামৰ ব্যৱসায়ীজনৰ দোকানত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় লোকৰ।

লালছান আলীৰ গেছ এজেঞ্চীৰ লগতে কলৰ দোকান ভস্মীভূত হৈছে। জাহাঙ্গীৰ হুছেইনৰ হাৰ্ডৱেৰৰ দোকানো অগ্নিকাণ্ডত জাহ যায়। চেলুনৰ দোকান এখনো ভস্মীভূত।

লগতে পঢ়ক : WATCH | Debabrata Saikia : কংগ্ৰেছে বিৰোধিতা কৰি আছে, ৱাকফ বিলৰ জৰিয়তে ধৰ্ম নিৰপেক্ষতা খৰ্ব কৰা হৈছে