Local, Vocal, Global

WATCH | Massive fire breaks out: বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ

নগৰবেৰা,৪মাৰ্চ : এক বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ ৷ অগ্নিকাণ্ডত সৌভাগ্যক্ৰমে ৰক্ষা পৰে পৰিয়ালৰ ৪ সদস্য।

নগৰবেৰাৰ হেকৰা নেপালীপাৰাত সংঘটিত হৈছে ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা ৷অগ্নিকাণ্ডত দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ লগতে ভস্মীভূত হয় এটি বাসগৃহ৷ হেকৰা নেপালীপাৰাৰ নীল বাহাদুৰ ছেত্ৰী নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডটো(Massive fire breaks out)৷

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই প্ৰথমে জুইৰ সূত্ৰপাতৰ সন্দেহ স্থানীয় ৰাইজৰ৷ পৰৱৰ্তী সময়ত ঘৰৰ ভিতৰত থকা দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি জুইয়ে ভয়াবহ ৰূপ লয় ৷

অগ্নিকাণ্ডৰ ফলত বাসগৃহৰ ভিতৰৰ সকলো সামগ্ৰী সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হোৱাৰ লগতে গুৰুত্বপূৰ্ণ নথিপত্ৰও জুইত জাহ যায় বুলি জানিব পৰা গৈছে৷

অৱশেষত স্থানীয় ৰাইজৰ প্ৰচেষ্টাত নিৰ্বাপন কৰা হয় জুই৷

উল্লেখ্য যে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ঘৰৰ ভিতৰত তিনি কনমাণি সন্তানসহ বোৱাৰী ঘৰৰ ভিতৰত আছিল যদিও কথমপি প্ৰাণৰক্ষা পৰে৷

অগ্নিকাণ্ডক লৈ সমগ্ৰ অঞ্চলজুৰি বিয়পে তীব্ৰ চাঞ্চল্য৷

লগতে পঢ়ক :WATCH | Guwahati News: বিধায়ক আৱাসত নাৰীৰ নিৰাপত্তা নোহোৱাৰ অভিযোগ