Massive fire at gaming zone in Gujarat : গেমিং জ’নত ভয়ংকৰ অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ২৭গৰাকী
নেশ্যনেল ডেস্ক,২৬মে’ : এক মৰ্মান্তিক ঘটনা। গেমিং জ’নত ভয়ংকৰৰ অগ্নিকাণ্ড। শনিবাৰে সন্ধিয়া গুজৰাটৰ ৰাজকোট চহৰৰ এটা গেমিং জ’নত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ।
খবৰ অনুসৰি এই বিধ্বংসী অগ্নিকাণ্ডত প্ৰায় ২৭গৰাকী লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে(Massive fire at gaming zone in Gujarat’s Rajkot, 27 killed) ।
সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাজকোট আৰক্ষী আয়ুক্ত ৰাজু ভাৰ্গৱে কয়, ‘শনিবাৰে বিয়লি TRP গেমিং জ’নত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। বৰ্তমানেও উদ্ধাৰ অভিযান চলি আছে। আমি যিমান পাৰি আৱদ্ধ লোকক উদ্ধাৰ কৰাৰ বাবে চেষ্টা কৰিছো।”
আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে ‘‘এতিয়ালৈকে প্ৰায় ২০টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে। গেমিং জ’নৰ মালিক যুৱৰাজ সিং সোলাংকি নামৰ এজন ব্যক্তি। মালিগৰাকীৰ গাফিলতি আৰু যিবোৰ মৃত্যু হৈছে তাৰ বাবে অপৰাধ পঞ্জীয়ন কৰিম। আমি ইয়াত উদ্ধাৰ অভিযান সম্পূৰ্ণ কৰাৰ পিছত পৰৱৰ্তী তদন্ত হ’ব।’’
মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে ‘X’ত কয় যে ‘‘গেম জ’নত তাৎক্ষণিক উদ্ধাৰ আৰু সাহায্য অভিযান চলাবলৈ মহানগৰ প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে। ৰাজকোটৰ গেম জ’নত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাত তাৎক্ষণিক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে পৌৰ নিগম আৰু প্ৰশাসনক নিৰ্দেশনা দিয়া হৈছে। আঘাতপ্ৰাপ্তসকলৰ তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থাক অগ্ৰাধিকাৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে।’’
অগ্নিকাণ্ডত নিহত লোকসকলৰ পৰিয়াললৈ ৪ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে লগতে আহতসকলৰ পৰিয়াললৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে। ঘটনাৰ তদন্তৰ বাবে SIT গঠন কৰিছে(Children Among 27 Dead In Fire At Rajkot Gaming Zone)।
লগতে পঢ়ক : Massive fire breaks out at Cachar : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ৩টাকৈ বাসগৃহ