Massive Eviction Drive in Palasbari : পলাশবাৰীত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান
মিৰ্জা, ২৩ নৱেম্বৰ : বেদখলৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিছে প্ৰশাসনৰ বুলড’জাৰ ৷ কেইদিনমান পূৰ্বে চৰ্চা লাভ কৰা শিলসাঁকো বিলৰ উচ্ছেদ অভিযানৰ সমান্তৰালকৈ ৰাজ্যৰ আন বহু ঠাইত চলিছিল উচ্ছেদ ৷
ৰাজ্যৰ একাংশ বনাঞ্চল, চৰকাৰী ভূমি আদিত অবৈধভাৱে বসতি স্থাপন কৰা লোকসকলক বিতাড়নৰ বাবেই প্ৰশাসনে গ্ৰহণ কৰিবলগীয়া হৈছে এই কঠোৰ পদক্ষেপ(Massive Eviction Drive in Palasbari) ৷
এইবাৰ উচ্ছেদ চলিল পলাশবাৰীত(Assam Eviction Drive) ৷ পলাশবাৰীৰ মৈৰাপুৰত চলিল বুলড’জাৰ ।বৃহস্পতিবাৰে পুৱাৰে পৰা চলিল এই উচ্ছেদ ।
উচ্ছেদস্থলীত উপস্থিত থাকে পলাশবাৰী ৰাজহ চক্ৰ বিষয়া । চক্ৰ বিষয়া গৰাকীৰ লগতে আন আন কেবাগৰাকীও প্ৰশাসনৰ বিষয়াও উপস্থিত থাকে ।