Massive Eviction Drive in lanka railway station of Hojai : বেদখলৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিছে প্ৰশাসনৰ বুলড’জাৰ

নিউজ ডেস্ক,৪আগষ্ট : বেদখলৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিছে প্ৰশাসনৰ বুলড’জাৰ ৷ কেইদিনমান পূৰ্বে চৰ্চা লাভ কৰা শিলসাঁকো বিলৰ উচ্ছেদ অভিযানৰ সমান্তৰালকৈ ৰাজ্যৰ আন বহু ঠাইত চলিছিল উচ্ছেদ ৷
ৰাজ্যৰ একাংশ বনাঞ্চল, চৰকাৰী ভূমি আদিত অবৈধভাৱে বসতি স্থাপন কৰা লোকসকলক বিতাড়নৰ বাবেই প্ৰশাসনে গ্ৰহণ কৰিবলগীয়া হৈছে এই কঠোৰ পদক্ষেপ(Massive Eviction Drive in lanka railway station of Hojai)।
এইবাৰ হোজাইত ৰে’ল বিভাগৰ উচ্ছেদ অভিযান। লংকা ৰে’ল ষ্টেচনৰ সন্মুখত থকা বিভিন্ন বিপণীবোৰত ৰে’ল বিভাগে চলালে এই উচ্ছেদ অভিযান ।
লংকা ৰে’ল ষ্টেচনৰ সন্মুখত থকা ৪৭ খন বিপণীত ৰে’ল বিভাগে দেওবাৰে পুৱাৰে পৰা চলায় এই উচ্ছেদ । ইয়াৰ লগতে পৰৱৰ্তী সময়ত লংকাৰ ১ আৰু ২ নং ৰে’ল গেইটৰ সমীপত ৰে’লৰ মাটিত থকা সৰ্বমুঠ ৫৩ খন বিপণীত ৰে’ল বিভাগে উচ্ছেদ চলাব বুলি বিভাগে জনায়( Eviction) ।