Local, Vocal, Global

Massive Eviction Drive in Goalpara : গোৱালপাৰাৰ লক্ষীপুৰ চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান

নিউজ ডেস্ক, ৬নৱেম্বৰ : আজি আকৌ চলিল বৃহৎ উচ্ছেদ অভিযান । সোমবাৰে গোৱালপাৰাত চলিল উচ্ছেদ অভিযান( Massive Eviction Drive in Goalpara) ।

গোৱালপাৰা জিলাৰ লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অন্তৰ্গত নলবাৰী সংৰক্ষিত বনাঞ্চলত জিলা প্ৰশাসনৰ আজি চলিল এক বৃহৎ উচ্ছেদ অভিযান । ইতিমধ্য উক্ত স্থানত উপস্থিত হৈছে বন বিভাগৰ লোকৰ লগতে অসম আৰক্ষী, চিআৰপিএফ বাহিনী আৰু জিলা প্ৰশাসনৰ লোক ৷ আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ সহযোগত জিলা প্ৰশাসনৰ উদ্বেগত চলি আছে অভিযান ।

এই অভিযানত ইতিমধ্যে ভাঙি পেলোৱা হৈছে বহু ঘৰ( Massive Eviction Drive in Goalpara Targets Illegal Land Occupations) ।

উল্লেখ্য যে, গোৱালপাৰা জিলাৰ নলবাৰী সংৰক্ষিত বনাঞ্চলৰ ১ হাজাৰ বিঘা ভূমিৰ প্ৰায় ৫০০ বিঘা ভূমিয়েই অবৈধভাৱে একাংশ বেদখলকাৰীয়ে দখল কৰি আছিল । কেৱল দখল কৰাই নহয়, চৰকাৰী ভূমিত পকী ঘৰ নিৰ্মাণ কৰি বেদখলকাৰীয়ে দীৰ্ঘদিন ধৰি বসবাস কৰি আহিছিল । সেয়ে শীঘ্ৰে এই চৰকাৰী ভূমি খালি কৰিবলৈ জিলা প্ৰশাসনে জাননী প্ৰেৰণ কৰিছিল আৰু জিলা প্ৰশাসনৰ এই জাননীৰ ভিত্তিতেই উক্ত অঞ্চলত উচ্ছেদ অভিযান চলাই আজি ৷

আনহাতে, জিলাৰ প্ৰশাসনৰ উচ্ছেদৰ জাননী আগতীয়াকৈ লাভ কৰি একাংশ লোকে উচ্ছেদৰ পূৰ্বেই নিজৰ নিজৰ ঘৰ দুৱাৰ ভাঙি লৈ গৈছে । ইতিমধ্যে উক্ত স্থানত জিলা প্ৰশাসনে জেচিবিৰ বুলড’জাৰ লৈ উচ্ছেদস্থলীত উচ্ছেদ অভিযান আৰম্ভ কৰিছে( Massive Eviction Drive in Goalpara Targets Illegal Land Occupations) ।

লগতে পঢ়ক : Deadbody recovered in Guwahati : পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ