Massive Eviction Drive in Cachar :বেদখলৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিছে প্ৰশাসনৰ বুলড’জাৰ
নিউজ ডেস্ক, ৯ ছেপ্টেম্বৰ: বেদখলৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিছে প্ৰশাসনৰ বুলড’জাৰ ৷ কেইমাহ মান পূৰ্বে চৰ্চা লাভ কৰা শিলসাঁকো বিলৰ উচ্ছেদ অভিযানৰ সমান্তৰালকৈ ৰাজ্যৰ আন বহু ঠাইত চলিছিল উচ্ছেদ ৷
ৰাজ্যৰ একাংশ বনাঞ্চল, চৰকাৰী ভূমি আদিত অবৈধভাৱে বসতি স্থাপন কৰা লোকসকলক বিতাড়নৰ বাবেই প্ৰশাসনে গ্ৰহণ কৰিবলগীয়া হৈছে এই কঠোৰ পদক্ষেপ ।
এইবাৰ কাছাৰৰ ৰংপুৰত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ সোমবাৰে ভাৰতমালা প্ৰকল্পৰ পথৰ নিৰ্মাণৰ বাবে কাছাৰ জিলা প্ৰশাসনে চলাই এই উচ্ছেদ অভিযান ৷
ইফালে ৰাইজে অভিযোগ কৰা অনুসৰি কোনো জাননী নিদিয়াকৈ প্ৰশাসনে উচ্ছেদ চলাই ৷ তাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে উচ্ছেদিত লোকসকলে। তেওঁলোকৰ অভিযোগ- উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি প্ৰশাসনে এই উচ্ছেদ অভিযান চলাইছে ৷ কোনো জাননী নিদিয়াকৈ কেনেকৈ প্ৰশাসনে উচ্ছেদ চলাব পাৰে বুলি প্ৰশ্ন কৰে উচ্ছেদিত লোকসকলে(Massive Eviction Drive in Cachar)৷
লগতে তেওঁলোকে কয় যে চৰকাৰী ভূমি তেওঁলোকে এৰি দিব, কিন্তু ভূমিত থকা ঘৰৰ ক্ষতিপূৰণ দিব লাগে চৰকাৰে ৷ তেওঁলোকে হুংকাৰ প্ৰদান কৰি কয় যে যেতিয়ালৈকে তেওঁলোকক বিকল্প ব্যৱস্থা কৰি দিয়া নহয়, তেতিয়ালৈকে তেওঁলোকে ভূমি এৰি নিদিয়ে ৷ লাগিলে প্ৰাণ বিসৰ্জন দিব বুলিও হুংকাৰ প্ৰদান কৰে উচ্ছেদিত লোকসকলে ৷
জানিব পৰা মতে, ভাৰতমালা প্ৰকল্পৰ অধীনত শিলচৰৰ পৰা মণিপুৰলৈকে নতুনকৈ নিৰ্মাণ হ’ব চাৰিলেনযুক্ত পথ ৷ নতুন এই পথ নিৰ্মাণৰ বাবে ইতিমধ্যে ভূমি অধিগ্ৰহণৰ কাম সমাপ্ত কৰিছে প্ৰশাসনে ৷ ক্ষতিপূৰণ হিচাপে ভূমিৰ মালিকক দিয়া হৈছে ভূমিসহ ঘৰ-বাৰীৰ মূল্য ৷
ইয়াৰ মাজতে শিলচৰ-মণিপুৰ সংযোগী পুৰণি পথৰ কাষত দীৰ্ঘদিনৰ পৰা চৰকাৰী ভূমি দখল কৰি বসবাস কৰা একাংশ লোকৰ ঘৰ সোমবাৰে উচ্ছেদ কৰে প্ৰশাসনে ৷ কেইবাখনো বুলড’জাৰ তথা আৰক্ষী আৰু চি আৰ পি এফৰ বিশাল বাহিনী লগত লৈ অভিযানত নামে প্ৰশাসন ৷ বুলড’জাৰেৰে ইখনৰ পাছত সিখন ঘৰ ভাঙি পেলোৱাত উচ্ছেদস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷
লগতে পঢ়ক : World Suicide Prevention Day : আজি বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস