Local, Vocal, Global

Massive Eviction Drive : বেদখলৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিছে প্ৰশাসনৰ বুলড’জাৰ

জামুগুৰিহাট,৮ছেপ্তেম্বৰ : বেদখলৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিছে প্ৰশাসনৰ বুলড’জাৰ ৷ কেইদিনমান পূৰ্বে চৰ্চা লাভ কৰা শিলসাঁকো বিলৰ উচ্ছেদ অভিযানৰ সমান্তৰালকৈ ৰাজ্যৰ আন বহু ঠাইত চলিছিল উচ্ছেদ ৷

ৰাজ্যৰ একাংশ বনাঞ্চল, চৰকাৰী ভূমি আদিত অবৈধভাৱে বসতি স্থাপন কৰা লোকসকলক বিতাড়নৰ বাবেই প্ৰশাসনে গ্ৰহণ কৰিবলগীয়া হৈছে এই কঠোৰ পদক্ষেপ।

এইবাৰ উচ্ছেদ চলিল ভালুকপুঙত। ভালুকপুঙত কেইবাটাও বাসগৃহ আৰু দোকান চলিল প্ৰশাসনৰ উচ্ছেদ(Massive Eviction Drive) ৷

অসম-অৰুণাচল সীমান্তৰ ভালুকপুঙত প্ৰশাসনে চলালে বুলড’জাৰ ৷ ভালুকপুঙ বজাৰৰ সমীপৰে বৈ যোৱা নৈৰ কাষত একাংশ লোকে অবৈধভাৱে বাসগৃহ সাজি দোকান ঘৰ বনাই বেপাৰ বানিজ্য চলাই আহিছিল ৷ প্ৰশাসনৰ অনুমতি অবিহলে দুইমহলীয়া আটালিকাও সাজি লৈ দীৰ্ঘদিন চলাই আহিছিল ব্যৱসায় বাণিজ্য ৷

এই সন্দৰ্ভত প্ৰশাসনে বহুবাৰ জাননী দিয়াৰ পাছতো তেওলোকে কোনো ধৰনৰ কাণষাৰ নিদিয়াত উপায়হীন হৈ অৱশেষত জিলা প্ৰশাসনে ঘৰ সমূহ জেচিবি লগায় ভাঙি পেলাবলৈ বাধ্য হয়৷ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ বিষয়াৰ উপস্থিত চলোৱা হয় উচ্ছেদ অভিযান ৷ নৈখনৰ বাঢ়নি পানীয়ে যিকোনো সময়ত ঘৰ সমূহ উটোৱাই নিয়াৰ আশংকা কৰিয়ে ৰাইজে এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল ৷ যাৰ বাবে প্ৰশাসনে উক্ত নৈৰ কাষত সাজি লোৱা ঘৰত সমুহ উচ্ছেদ কৰে ৷

লগতে পঢ়ক : World Physical Therapy Day : আজি বিশ্ব ফিজিঅ’থেৰাপি দিৱস