Local, Vocal, Global

Erosion in Nagaon : নগাঁৱত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ বাবে শংকটত স্থানীয় ৰাইজ

ৰূপহীহাট, ৭অক্টোবৰ : বহু চৰকাৰ আহিল। বহু চৰকাৰ গ’ল । পিছে সমস্যা সমাধান নহ’ল জনতাৰ । নগাঁৱত ব্ৰহ্মপুত্ৰৰ খহনীয়াতৰ বাবে শংকটত পৰিছে স্থানীয় ৰাইজ ।

নগাঁও জিলাৰ লাওঁখোৱাৰ ভুৰবন্ধাত ব্ৰহ্মপুত্ৰৰ খহনীয়াতাই কাল ৰূপ ধাৰণ কৰিছে । ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কালৰূপত বিধ্বস্ত নৈপৰীয় গঞা ৰাইজ। প্ৰতিটো বছৰৰ দৰে এইবাৰো ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াই লৈছে কাল ৰূপ। চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ পাৰ। ভাবুকি কঢ়িয়াই আনিছে শান্তি বজাৰৰ বাবে(Massive Erosion of Brahmaputra in Nagaon)।

উল্লেখ্য যে, বিগত দুই বছৰ ধৰি ভুৰবন্ধাৰ শান্তি বজাৰৰ কাল ৰূপ ধাৰণ কৰি আহিছে খহনীয়াতাই । এইবাৰো ভুৰবন্ধাত ব্ৰহ্মপুত্ৰৰ খহনীয়াতা ফলত আতংকি হৈ পৰিছে নৈ পৰিয়া ৰাইজ। জিঅ বেগৰ বান্ধৰ ব্যৱস্থাৰ দাবী স্থানীয় লোকৰ(Erosion in Nagaon) ।

ভুৰবন্ধাৰ কেবাটাও অঞ্চলৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি বিলীন হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। বহু লোকৰ ঘৰ দুৱাৰ খহনীয়াত বিলীন হোৱাত নিজৰ আপোন ঘৰ খন এৰি মথাউৰিত অঘৰী জীৱন যাপন কৰিব লগা হৈছে নৈ পৰিয়াই। লগতে ব্ৰহ্মপুত্ৰৰ বুকুত বিলিন হৈ গৈছে কৃষি পথাৰ । এই দৰে যদি খহনীয়া হৈ থাকে তেন্তে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যোৱাৰ আশংকা শান্তিবজাৰ।

জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাক গৰাখহনীয়া ৰোধ কৰিবলৈ দাবী জনাইছে নৈ পৰিয়া ৰাইজে। অৱশেষত নৈ পৰিয়া ৰাইজৰ কাষত থিয় দিছে কলিয়াবৰ জিলা আমছু। কলিয়াবৰ জিলা আমছুৰ সভাপতি ৰকিবুল হুদা ফৰাজিয়ে চৰকাৰক স্মাৰক পত্ৰ প্ৰদান কৰি গৰাখহনীয়া ৰোধৰ ভাৱে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে আমছুৰ দাবী চৰকাৰে মানি নল’লে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান(Massive Erosion of Brahmaputra in Nagaon)।

লগতে পঢ়ক :Sex racket in Nagaon : নাৰী দেহ ব্যৱসায়ক কেন্দ্ৰ কৰি নগাঁৱত উত্তপ্ত পৰিস্থিতি