Local, Vocal, Global

Mass wedding was held :এখন ব্যতিক্ৰমী বিবাহ;বিয়া নাম, উৰুলি আৰু হোমযজ্ঞৰে একেলগে বিবাহত বহিল ২৬ যোৰা দৰা-কইনা

জাগীৰোড,২৩জানুৱাৰী : আয়তীৰ উৰুলি আৰু বিয়া নামেৰে মুখৰ জাগীৰোডৰ ঠাকুৰডোভা ৷ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে ঠাকুৰডোভা হৰিমন্দিৰত উখল-মাখল পৰিৱেশ ৷ কোনোবাই আহিছে পিতৃ-মাতৃৰ বিয়া চাবলৈ, আন কোনোবাই চাবলৈ আহিছে ককা-আইতাৰ বিয়া ৷

ঠাকুৰডোভা দেৱদামোদৰ দেৱ সংঘৰ উদ্যোগত আয়োজন কৰা হ’ল সমূহীয়া বিবাহৰ ৷ একাংশ লোকে গন্ধৰ্ব বিবাহ কৰাই যুগ্মজীৱনৰ পাতনি মেলিছিল যদিও আৰ্থিক অনাটনৰ বাবে সম্পন্ন কৰিব পৰা নাছিল হৰগৌৰী বিবাহ(Mass wedding was held in Jamugurihat) ৷

সেইসকল লোকক সহায় কৰাৰ মানসেৰে আয়োজন কৰে সমূহীয়া বিবাহৰ ৷ এই সমূহীয়া বিবাহত অংশ লয় অঞ্চলটোৰ ২৬ যোৰকৈ দৰা কইনাই ৷ সম্পূৰ্ণ বৈদিক ৰীতিনীতি আৰু ধৰ্মীয় পৰম্পৰাৰে দৰা কইনাক মাহ হালধীৰে নোৱাই-ধোৱাই সাজু কৰে পৰিয়ালবৰ্গই ৷

তাৰ পিছতে হোমক সাক্ষী কৰি বিবাহপাশত আবদ্ধ হয় ৩০ ৰ পৰা প্ৰায় ৭০ বছৰীয়া মুঠ ২৬ যোৰ দৰা কইনাই ৷ লক্ষনীয় বিষয় যে, কেইবাগৰাকীও দৰা কইনাৰ সন্তান আৰু নাতি-নীয়েও উপভোগ কৰিলে পিতৃ-মাতৃ আৰু ককা-আইতাৰ বিবাহ(Mass wedding was held)৷

লগতে পঢ়ক :Jamugurihat News:জামুগুৰিহাটত অবৈধ সুৰাৰ বিৰূদ্ধে তীব্ৰ অভিযান মহিলাৰ