WATCH | Mass wedding was held in Abhayapuri : এখন ব্যতিক্ৰমী বিবাহ; বিয়া নাম, উৰুলি আৰু হোমযজ্ঞৰে একেলগে বিবাহত বহিল ১১ যোৰা দৰা-কইনা
অভয়াপুৰী,৬মাৰ্চ : আয়তীৰ উৰুলি আৰু বিয়া নামেৰে মুখৰ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ লালমাটি-দুৰামাৰীৰ গনেশ মন্দিৰৰ ৷ পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে গনেশ মন্দিৰত উখল-মাখল পৰিৱেশ ৷
এযোৰা দুযোৰা নহয়, ১১ যোৰা দৰা কইনা বহিল একেখন মণ্ডপতে। হোমযজ্ঞৰে পুৰোহিতৰ মন্ত্ৰোপাঠেৰে সম্পন্ন হ’ল বিবাহকাৰ্য (Mass wedding was held in Abhayapuri) ।
হয়,বৃহস্পতিবাৰে বঙাইগাঁও জিলাত দেখিবলৈ পোৱা গ’ল এই দুৰ্লভ দৃশ্য । সম্পূৰ্ণ পাৰম্পৰিক পোছাক পৰিধান কৰি প্ৰতিযোৰা দৰা কইনাই বহিল হোমৰ গুৰিত ৷বেচ আমোদজনক এই সামূহিক বিয়া চাবলৈ ৰাইজৰ মাজতো যেন নোহোৱা হ’ল তৎ ৷ বিয়া প্ৰত্যক্ষ কৰিবলৈ সকলোৱে মণ্ডপত লগালে হেতা-ওপৰা ।
১১যোৰা দৰা-কইনাই আজি যুগ্মজীৱনৰ পাতনি মেলিলে।
ভাৰত বিকাশ পৰিষদৰ অভয়াপুৰী শাখা আৰু গনেশ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত গণবিবাহত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ১১ যোৰা দৰা-কইনাই দাম্পত্য জীৱনৰ পাতনি মেলে। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, বেণ্ডপাৰ্টি আৰু আয়তীসকলৰ উৰুলিত মুখৰিত হৈ পৰে গণবিবাহস্থলী।
বিবাহৰ মাংগলিক কাৰ্য সমাপন ঘটাৰ পিছতেই দৰা-কইনা ট্ৰাংক, কম্বলকে ধৰি বিভিন্ন উপহাৰ আগবঢ়ায় আয়োজক সমিটিয়ে। উল্লেখযোগ্য যে গণবিবাহ অনুষ্ঠানৰ আমন্ত্ৰিত লোকসকলৰ বাবে প্ৰীতিভোজৰো ব্যৱস্থা কৰিছে উদ্যোক্তা সকলে।
লগতে পঢ়ক :WATCH | Sensational incident: তামোল ভৰোৱা বস্তা বিচৰাৰ চলেৰে যুৱতীক ধৰ্ষণৰ অপচেষ্টা