Local, Vocal, Global

Mass marriage ceremony in Tinisukia : এজোৰ নহয়, দুজোৰ নহয়;যুগ্ম জীৱনৰ পাতনি মেলিলে ৩৯৪ জোৰা দৰা-কইনাই

তিনিচুকীয়া,২৮আগষ্ট : তিনিচুকীয়া জিলাৰ ফিল’বাৰী চাহ বাগিচাৰ খেলপথাৰত আজি অনুষ্ঠিত কৰা হয় এক শুভকাৰ্য । তিনিচুকীয়া জিলাৰ ফিল’বাৰী চাহ বাগিচাৰ খেলপথাৰত আজি অনুষ্ঠিত কৰা হয় ৩৯৪ জোৰা দৰা-কইনাই বিবাহ(Over 394 Couples Get Married In Tinisukia) ।

জানিব পৰা মতে, বিভিন্ন সমস্যাৰ বাবে সামাজিকভাৱে বিবাহ কাৰ্য সম্পন্ন কৰিব পৰা নাছিলে হাজাৰ হাজাৰ দম্পত্তিৰ। যাৰ বাবে একেলগে ৫০০০গৰাকীকৈ দম্পত্তিৰ বিবাহ কাৰ্যৰ শুভকাৰ্য আৰম্ভ কৰে।

তিনিচুকীয়া জিলাৰ বিবাহ সংস্থাৰ সমিতি আৰু দা হান্স ফাউণ্ডেচনে এই কাৰ্যৰ দায়িত্ত্ব লয়। এই সংস্থাৰ সহযোগত সামূহিক বিবাহ সংস্কাৰৰ এক অনুষ্ঠান অনুষ্ঠিত কৰে।তেঁওলোকৰ এই সামূহিক বিবাহ কাৰ্যত ফিল’বাৰী চাহ বাগিচাৰ ৩৯৪ জোৰা দৰা-কইনাই একেলগে আজি আৱদ্ধ হয় বিবাহপাশত(Mass marriage ceremony in Tinisukia)। মুঠ ৫০০০ জোৰা দৰা-কইনাৰ সামূহিক বিবাহ কাৰ্যৰ লক্ষ্য স্থিৰ কৰা হৈছিল সংস্থাটোৱে । আৰু এই লক্ষ্য ফিল’বাৰী চাহ বাগিছা খেলপথাৰত সুকলমে আয়োজন কৰা হয়।

এই পবিত্ৰ ক্ষণত সম্পূৰ্ণ ধৰ্মীয় নীতি-ৰিতিৰে বিবাহ পাষত আৱদ্ধ হ’বলৈ সুযোগ প্ৰদান কৰিলে প্ৰতিহাল দম্পত্তিক।”দ হান্স ফাউণ্ডেচন” নামৰ সংস্থাই বিগত বৰ্ষৰ পৰা আৰম্ভ কৰা এই কাৰ্যসূচীৰ শুভ অন্ত পৰে ফেলবাৰী খেলপথাৰত।