এতিয়াৰে পৰা বিবাহৰ ক্ষেত্ৰত পুৰুহিতে ল’ব পান কাৰ্ড, ভোটাৰ কাৰ্ড
ডিজিটেল ডেস্ক: এতিয়াৰে পৰা বিবাহৰ ক্ষেত্ৰত পুৰোহিতে ল’ব পান কাৰ্ড, ভোটাৰ কাৰ্ড। দৰং জিলা প্ৰশাসনৰ উদ্যোগত বাল্য বিবাহ প্ৰতিৰোধী সজাগতা সভা অনুষ্ঠিত হয় মঙলদৈত। আজি মঙলদৈৰ জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত হয় বাল্য বিবাহ প্ৰতিৰোধী সজাগতা এই সভা।
সভাত শতাধিক পুৰোহিত আৰু ইমাম,কাজি, আৰু পঞ্চায়তৰ সচিবকে ধৰি উপস্থিত আছিল দৰঙৰ পৌৰপতিসকল। দৰং জিলাৰ উপায়ুক্তই সভাত কঠোৰ সকয়নী প্ৰদান কৰিলে পুৰোহিত, কাজিসকলক।
যাতে কোনো কাৰণতে বাল্য বিবাহ সমাপণ নকৰায়। আনফালে পুৰোহিতসকলে সাংবাদিকৰ আগত পৰৱৰ্তী সময়ত বিবাহৰ ক্ষেত্ৰত ল’ৰা বা ছোৱালীৰ পৰিয়ালৰ লোকৰ পৰা পান কাৰ্ড, ভোটাৰ কাৰ্ড লোৱাৰো ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে।