Maria Branyas Morera, World’s Oldest Person, Dies at 117 :বিশ্বৰ আটাইতকৈ বয়সীয়াল মহিলা মাৰিয়া ব্ৰানিয়াছ ম’ৰেৰাৰ দেহাৱসান

নিউজ ডেস্ক,২১আগষ্ট : বিশ্বৰ আটাইতকৈ বয়সীয়াল মহিলা মাৰিয়া ব্ৰানিয়াছ ম’ৰেৰাৰ দেহাৱসান ।১১৭বছৰ ১৬৮ দিন বয়সত স্পেইনৰ নাৰ্চিং হোমত মৃত্যু ম’ৰেৰাৰ গিনিজ ৱল্ড ৰেকৰ্ডছে বিবৃতিযোগে নিশ্চিত কৰিছে এই তথ্য(World’s oldest person, Maria Branyas Morera, dies aged 117)।
১৯০৭ চনত আমেৰিকাত জন্মগ্ৰহণ কৰা আৰু দুটা মহামাৰী আৰু দুটা বিশ্বযুদ্ধৰ মাজেৰে জীৱন অতিবাহিত কৰা বিশ্বৰ আটাইতকৈ পুৰণি পৰিচিত ব্যক্তি স্পেইনৰ মাৰিয়া ব্ৰানিয়াছ ম’ৰেৰাৰ ১১৭ বছৰ বয়সত মৃত্যু হয়(Maria Branyas Morera, World’s Oldest Person, Dies at 117) ।
উল্লেখ্য যে, ফ্ৰান্সৰ নন লুচিল ৰেণ্ডনৰ ১১৮ বছৰ বয়সত মৃত্যুৰ পিছত ব্ৰানিয়াছৰ বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি হিচাপে মৰ্যাদা লাভ কৰিছিল।
মাৰিয়া ব্ৰানিয়াছ ম’ৰেৰাৰ মৃত্য়ুৰ পিছত বৰ্তমান বিশ্ব আটাইতকৈ বয়সীয়াল জীৱিত ব্যক্তিজন হৈছে জাপানৰ টমিকো ইটুকা।
লগতে পঢ়ক :PM Modi’s Ukraine and Poland Visit: দুদিনীয়া ভ্ৰমণসুচীৰে আজি পোলেণ্ডলৈ যাব প্ৰধানমন্ত্ৰী মোডী