Local, Vocal, Global

Marauding jumbo kills woman : পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত মহিলা

নিউজ ডেস্ক, ২৬ নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ । বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে গঞা ৰাইজৰ(Marauding jumbo kills woman) ।

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Goalpara)। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant conflict)।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে (Woman in Goalpara trampled to death by marauding jumbo)।

গোৱালপাৰাত বন্যহস্তীৰ তাণ্ডৱ( Marauding jumbo kills woman in Goalpara district) ।

গোৱালপাৰাত বন্যহস্তীয়ে লৈছে চূড়ান্ত ৰূপ।পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত এগৰাকী মহিলা। নিশা টেঙাবাড়িত পুনৰ বনৰীয়া হাতীয়ে প্ৰাণ ললে এগৰাকী মহিলাৰ।নিহত মহিলা গৰাকী হৈছে শৰভানু বেগম(৪৫)।

উল্লেখ্য যে, গোৱালপাৰা জিলাৰ কৃষ্ণাই আঞ্চলিক বনবিভাগৰ অধীনস্থ আৰু মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত টেঙাবাড়িত দেওবাৰে নিশা বনৰীয়া হাতীৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটি লয় শৰভানু বেগম(৪৫) নামৰ এগৰাকী মহিলাই।

জানিব পৰা মতে, দেওবাৰে নিশা প্ৰায় ১১ মান বজাত নিশাৰ আহাৰ গ্ৰহণ কৰি বাচন ধুবলৈ ঘৰৰ পিছফালে কুঁৱাৰ পাৰত গৈছিল। বাচন ধুই থকা অৱস্থাত প্ৰকাণ্ড এটা বনৰীয়া হাতীয়ে সুৰেৰে মেৰিয়াই ধৰি ভৰিৰে গচকী প্ৰাণ কাঢ়ি নিয়ে মহিলা গৰাকীৰ। থিতাতে কৰুণ মৃত্যুক সাৱটি লয় মহিলা গৰাকী।স্থানীয় ৰাইজে নিশাই বনবিভাগৰ লোকক খবৰ দিয়াত বনবিভাগৰ লোক আৰু মৰনৈ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মহিলা গৰাকীৰ মৃত্যুদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নিশাই গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে( Marauding jumbo kills woman in Goalpara )।

চলিত বৰ্ষত গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ আক্ৰমণত ১৩ গৰাকীকৈ লোকৰ মৃত্যু হয়।যোৱা কেইদিনমান ধৰি বনৰীয়া হাতীৰ এটা বৃহৎ জাকে মৰনৈ, টেঙাবাড়ি,দলগমা, দহিকটাত উপদ্ৰৱ চলাই আছে।

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে।

হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক :Man Elephant conflict : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ