Maoist killed in encounter with police : আৰক্ষী আৰু নক্সালবাদীৰ মাজত গুলীয়াগুলী,নিহত নক্সালবাদী

নেশ্য়নেল ডেস্ক, ১৪ ডিচেম্বৰ : আৰক্ষী আৰু নক্সালবাদীৰ মাজত গুলীয়াগুলী । বৃহস্পতিবাৰে পুৱা মধ্য প্ৰদেশৰ বালাঘাটত সংঘটিত হয় এই ঘটনাৰ । আৰক্ষী আৰু নক্সালবাদীৰ গুলীয়াগুলীত নিহত হয় নক্সালবাদী(Maoist killed in encounter with police ) ।
প্ৰাপ্ত তথ্য অনুসৰি,বৃহস্পতিবাৰে পুৱা চূপখৰৰ খামকোডাদাৰ বনাঞ্চলত আৰক্ষী আৰু নক্সালবাদীৰ এটা দলৰ মাজত সংঘৰ্ষ হয় ৷ সংঘৰ্ষত মাদকমা হিদমা ওৰফে চেতু (২৫) নামৰ এটা নক্সালবাদী নিহত হয় ৷ নিহত নক্সালবাদী হিদমা ওৰফে চেতু ছত্তীশগড়ৰ বিজাপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে (Maoist killed in encounter with police in Balaghat)৷
উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱা কিছু নক্সালবাদীয়ে মতিনালাৰ সমীপৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই আনি থকাৰ সময়তেই আৰক্ষীৰ দলটোৰ সৈতে মুখামুখি হয় আৰু নক্সালবাদীয়ে প্ৰথমে আৰক্ষীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে ৷ নক্সালবাদীৰ গুলীচালনাৰ প্ৰতিক্ৰিয়াত আৰক্ষীয়েও গুলীচালনা কৰে ৷ ফলত আৰক্ষীৰ গুলীত এটা নক্সালবাদী নিহত হয় ৷
এই গুলীচালনাৰ ঘটনাৰ পিছতে মতিনালা হক ফৰ্চ এছ.ও.জি. এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাস্থলীৰ চাৰিওফালে এটা অনুসন্ধান অভিযান চলাই।
এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয় যে ” পুনৰ এছ.ও.জি. কৰ্মীসকলে বৃহৎ সফলতা লাভ কৰিছে ।”লক্ষণীয় যে, তেওঁলোকে এজন নক্সালবাদী হত্য়া কৰিছে । এই এনকাউণ্টাৰৰ ঘটনাটো বালাঘাট জিলাৰ কানহা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ চূপখাৰৰ অৰণ্যত সংঘটিত হৈছে। যোৱা কেইবছৰ মান ধৰি নক্সালবাদীসকলে এই অঞ্চলটোক তেওঁলোকৰ আশ্ৰয়স্থললৈ পৰিণত কৰিছে ৷ চলিত বৰ্ষত বালাঘাট আৰক্ষীয়ে ৪ টা নক্সালবাদীক হত্যা কৰিছে। বিগত বৃহস্পতিবাৰে ১ টা নক্সালবাদীক হত্যা কৰাৰ পূৰ্বে ৩ টা নক্সালবাদীক হত্যা কৰিছিল ৷
লগতে পঢ়ক : Maoist Attack In Chhattisgarh : ছত্তীশগড়ত শপত গ্ৰহণৰ পূৰ্বে IED ৰ বিস্ফোৰণ; শ্বহীদ সেনা জোৱান