Local, Vocal, Global

Manu Bhaker Creates HISTORY At Paris Olympics 2024 : পেৰিছ অলিম্পিকত দ্বিতীয়টো ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস ৰচিলে ভাৰতীয় শ্বুটাৰ মনু ভাকৰে

নিউজ ডেস্ক,৩০জুলাই : পেৰিছ অলিম্পিকত ভাৰতৰ জয়যাত্ৰা অব্যাহত । পেৰিছ অলিম্পিকত দ্বিতীয়টো ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস ৰচিলে ভাৰতীয় শ্বুটাৰ মনু ভাকৰে। অলিম্পিকৰ ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টীম ইভেন্টত শ্বুটাৰ সৰবজ্যোতৰ সৈতে এই সফলতা অৰ্জন কৰে ভাকৰে( Manu Bhaker win bronze in the 10m air pistol mixed team event)।

উল্লেখ্য যে, দেওবাৰে ভাৰতৰ শ্বুটাৰ মনু ভাকৰে লাভ কৰিছিল ব্ৰঞ্জৰ পদক। এয়া আছিল এইবাৰৰ অলিম্পিকত ভাৰতে লাভ কৰা প্ৰথমটো পদক। পুনৰ ৩ দিনৰ ভিতৰত ভাৰতলৈ দ্বিতীয়টো পদক আজুৰিলে ভাকৰে।

ভাকৰ-সৰবজ্যোতে কোৰিয়াৰ শ্বুটাৰ অহ য়ে জিন আৰু লি ৱুনহোক ১৬-১০ গ’লত পৰাস্ত কৰে। কোৰিয়ান যুটিটোত অ’ য়ে জিন হৈছে সেই একেজন শ্বুটাৰ যিয়ে দেওবাৰে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত স্বৰ্ণ পদক লাভ কৰিছিল(Manu Bhaker Creates HISTORY At Paris Olympics 2024)।

লগতে পঢ়ক : Young woman from Assam working at ICICI Bank found dead in Pune : পুনেত ICICI বেংকত কৰ্মৰত এগৰাকী অসমীয়া যুৱতীৰ অকাল মৃত্যু