Manoj Payaria’s body recovered six days after Dinjan boat tragedy: অৱশেষত উদ্ধাৰ হ’ল মনোজ পৰইয়াৰ মৃতদেহ

নিউজ ডেস্ক,২৪নৱেম্বৰ : উদ্ধাৰ হ’ল মনোজ পৰইয়াৰ মৃতদেহ ।
ঘটনা অনুসৰি,শুক্ৰবাৰে সন্ধিয়া ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত মাতমৰাত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়।ব্ৰহ্মপুত্ৰৰ বুকুত ভাঁহি থকা মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে । লগে লগে ঘটনা সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীক খবৰ কৰে(Manoj Payaria’s body recovered six days after Dinjan boat tragedy)।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত ঢকুৱাখনা থানাৰ আৰক্ষী উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । মৃতদেহটো চিনাক্ত কৰিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ পাছত দেওবাৰে তিনিচুকীয়া জিলাৰ দিনজান ঘাটত নিখোঁজ হোৱা মনোজ প্ৰায়াৰ বুলি সন্দেহ কৰে(Assam: Missing Rescuer’s Body Recovered 6 Days After Dinjan Boat Accident)।
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি,উদ্ধাৰ হোৱা মৃতদেহটো লংপেন্ট-চাৰ্ট পৰিহিত প্ৰাপ্তবয়স্ক লোকজনৰ কঁকালত এখন দীঘল দা বান্ধি থোৱাৰ লগতে দেহত এটা টি চাৰ্ট আছে।
সেইসূত্ৰে কিছু সম্ভেদ লাভ কৰাত আটছা আৰু পৰিয়ালৰ লোকে ঢকুৱাখনালৈ যাত্ৰা কৰে । তেওঁলোকে মৃতদেহটো চিনাক্ত কৰি ঘৰলৈ আনে।
লগতে পঢ়ক:Raas Mahotsav 2024: কংসৰ ভাৱত অভিনয় বিধায়ক পদ্ম হাজৰিকাৰ