‘Mann ki Baat’ completes 10 years: ‘মন কি বাত’ ৰ ১০ বছৰ সম্পূৰ্ণ
নিউজ ডেস্ক,৩০ছেপ্টেম্বৰ : ‘মন কি বাত’ ৰ ১০ বছৰ সম্পূৰ্ণ ।৩অক্টোবৰ ২০১৪ চনত আৰম্ভণি হৈছিল ‘মন কি বাত’ৰ ।
এক দীঘলীয়া যাত্ৰাৰ অন্তত গৌৰৱময় ক্ষণত উপনীত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত(‘Mann ki Baat’ completes 10 years)।
২০১৪ চনৰ পৰা অল ইণ্ডিয়া ৰেডিঅ’ত সম্প্ৰচাৰিত এই অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক সম্বোধন কৰি আহিছে। দেওবাৰে মোডীয়ে ‘মন কি বাত’ৰ ১১৪ সংখ্যক খণ্ডত দেশবাসীক সম্বোধন কৰে।১১৪ সংখ্যক খণ্ডত মন কী বাতৰ প্ৰকৃত সূত্ৰধাৰ আখ্যা দি ছেপ্টেম্বৰৰ অন্তিমটো দেওবাৰে মনৰ কথা ক’লে প্ৰধানমন্ত্ৰীয়ে।
মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক উদ্দেশ্যি কয় ‘মন কী বাত’ৰ শ্ৰোতাসকলহে প্ৰকৃত এংকৰ। মোৰ মৰমৰ দেশবাসী আপোনালোকক নমস্কাৰ।আজিৰ এই খণ্ডটোৱে মোক আৱেগিক কৰি তুলিছে। মন কী বাতৰ এই খণ্ডই মোক বহু পুৰণি স্মৃতি সোঁৱৰাই সজীৱ কৰি তুলিছে। কাৰণ মন কী বাতৰ এই যাত্ৰাই ১০ বছৰ সম্পূৰ্ণ কৰিছে।’প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ‘মন কী বাত’ ৰেডিঅ’ অনুষ্ঠানৰ সফলতা সামাজিক পৰিৱৰ্তন আৰু উদ্ভাৱনৰ কাহিনী অৱদান আগবঢ়োৱা লোকসকলৰ সক্ৰিয় অংশগ্ৰহণৰ পৰাই উদ্ভৱ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে তেওঁৰ ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’ৰ দশম বৰ্ষপূৰ্তি উপলক্ষে শ্ৰোতাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি সমগ্ৰ ভাৰত আৰু বিশ্বৰ মানুহৰ সৈতে মন কী বাতে কেনেদৰে সংযোগ স্থাপন কৰিছে সেই তাৰ ওপৰত বিশ্লেষণ কৰে।
লগতে মন কী বাত অনুষ্ঠানটো ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে সংবাদ মাধ্যমক ধন্যবাদ জনায়। ইয়াৰোপৰি দেওবাৰৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কেইবাটাও বিষয়ৰ ওপৰত আলোকপাত কৰে।