Manipur Women Paraded Naked : মণিপুৰ জঘন্য কাণ্ডৰ মূল ৪ অভিযুক্তক গ্ৰেপ্তাৰ, মহিলাক মেইটেই যুৱকক গতাইছিল আৰক্ষীয়ে!

নেশ্যনেল ডেস্ক, ২১ জুলাই : দেশ জোকাৰি যোৱা মণিপুৰ ঘটনাৰ নতুন তথ্য (Manipur Women Paraded Naked) । কুকি মহিলাক নগ্ন কৰি ৰাজপথত পেৰেড কৰা কাৰ্যই বিশ্ববাসীৰ ওচৰত ভাৰতক লজ্জানত কৰা এই ঘটনাৰ নতুন নতুন ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। তথ্য অনুসৰি যি দুগৰাকী যুৱতীক মেইটেই পুৰুষৰ দলে নগ্ন কৰি পেৰেড কৰাই দলবদ্ধ ধর্ষণ কৰিছিল সেই যুৱতী দুগৰাকীক যুৱকৰ দলটোৰ হাতত গতাই দিছিল মণিপুৰী মেইটেই আৰক্ষীৰ এটা দলে।
উল্লেখ্য যে, মণিপুৰ সংঘাটৰ বাবে কুকি-জমিলোকসকলে নিৰাপদস্থান বিচাৰি বিভিন্ন ঠাইত আশ্ৰয় লৈছিল (Manipur violence)। সেই আশ্ৰয় লোৱা সকলৰ ভিতৰত আছিল মহিলা শিশুও। দুর্ভাগ্যজনক যে তিনিগৰাকী মহিলাসহ দলটোক থৌবাল আৰক্ষীয়ে ধৰি আনিছিল। তেতিয়াই বাটত এদল মেইটেই লোকে আৰক্ষীক বাধা দি কুকিসকলৰ ওপৰত অত্যাচাৰ চলাব বিচাৰে। আৰক্ষীয়ে কুকিকেইগৰাকীক ৰক্ষা কৰাৰ চেষ্টা চলোৱাৰ পৰিবৰ্তে উন্মাদ মেইটেই দলটোৰ হাতত গতাই দিয়ে । উল্লখ্য দলটোৰ হাতত আছিল অত্যাধুনিক মাৰণাস্ত্ৰ, দা, ছুৰী আদি।
ইয়াৰ পাছতে দলটোৱে বিবস্ত্ৰ কৰি বহুদূৰ খোজকঢ়াই নিয়ে। তাৰেই ২১ বছৰীয়া এগৰাকী যুৱতীক মেইটেই পুৰুষৰ দলে ধৰ্ষণ কৰে। বিবস্ত্ৰ কৰা ৩ গৰাকীৰ মাজৰ এগৰাকী আছিল ৫০ বছৰীয়া মহিলা।
এই বিবস্ত্ৰ কৰা মহিলা কেইগৰাকী বৰ্তমান আশ্ৰয় শিবিৰত আছে । সংবাদ মাধ্যমৰ আগত বৰ্ণনা দিলে সেইদিনাৰ সমগ্ৰ ঘটনা (Manipur woman narrates horrifying ordeal)। খবৰ অনুসৰি মহিলা এগৰাকীয়ে কৈছে যে তেওঁলোকক প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছিল । যদিহে তেওঁলোক বিবস্ত্ৰ হয় তেন্তে তেওঁলোকক হত্যা নকৰে বুলি কৈছিল । তেওঁলোকক প্ৰায় ৩০-৪০জন মেইটেই যুৱকে অত্যাচাৰ চলাইছিল বুলি উল্লেখ কৰে ।
উল্লেখ্য যে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰা মণিপুৰৰ ভাইৰেল ভিডিঅ’ গোচৰত চাৰিজন মূল অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে মণিপুৰ আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে পুৱা মূল অভিযুক্তটোক আটক কৰাৰ পাছত মণিপুৰ আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই নিশা পৰ্যন্ত আন তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷
মণিপুৰ আৰক্ষীয়ে টুইট কৰি কয় যে, থৌবাল জিলাৰ নংপক ছেকমাই আৰক্ষী থানা অধীনত অপহৰণ আৰু দলবদ্ধ ধৰ্ষণৰ জঘন্য অপৰাধৰ আৰু তিনি মূল অভিযুক্তক ইতিমধঅযে গ্ৰেপ্তাৰ কৰা হৈছে । এতিয়ালৈকে মুঠ ৪ টাক গ্ৰেপ্তাৰ কৰা হৈছে । মণিপুৰ আৰক্ষীয়ে লগতে অভিযান চলাই আন অভিযুক্তকেইটাক অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ বাবে সৰ্বাত্মক প্ৰচেষ্টা চলোৱাৰ কথা টুইটত উল্লেখ কৰে ।
তেওঁলোকে লগতে ৰাজ্যখনৰ বিভিন্ন জিলাত মুঠ ১২৯ টা নাকা আৰু চেকপইণ্ট স্থাপন কৰি ব্যাপক তালাচী অভিযান অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে ৷ আৰক্ষীয়ে পাহাৰ আৰু উপত্যকা উভয়তে চলোৱা এই তালাচী অভিযানৰ সময়ত আইন উলংঘনৰ সৈতে জড়িত মুঠ ৬৫৭ জন লোকক বৰ্তমান পৰ্যন্ত আটক কৰা হৈছে ।
উল্লেখ্য যে, মণিপুৰত কুকি সম্প্ৰদায়ৰ দুগৰাকী মহিলাক উলংগ কৰি সমদল কৰা এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই সমগ্ৰ দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । একাংশ দানৱৰূপী লোকে দলবদ্ধ ধৰ্ষণ কৰি তেনেদৰে উলংগ মহিলাক লৈ সমদল কৰা দৃশ্য দেশবাসীক হতবাক কৰি তুলিছে । দীৰ্ঘদিন ধৰি চলি থকা সংঘৰ্ষৰ পাছত বুধবাৰে এই ঘটনা পোহৰলৈ অহাৰ পাছতেই সকলোৱে এই ঘটনাক একমুখে ধিক্কাৰ দিয়ে ৷ তীব্ৰ বাক্যবানৰে থকা-সৰকা কৰে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক ৷
ইয়াৰ পাচতেই মণিপুৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰে এটাৰ পাছত আনটো মুঠ ৪ টা মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷ সভ্য সমাজক লজ্জানত কৰা মণিপুৰৰ ঘটনাৰ অভিযুক্তকেইটাক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে ।
উল্লেখ্য যে মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ দোষীসকলৰ বাবে ফাঁচীৰ দাবী কৰিব ।
লগতে পঢ়ক : Manipur Women Paraded Naked : নিকৃষ্ট কাণ্ড !ৰাজপথত দুই মহিলাক উলংগ কৰি পেৰেড