Local, Vocal, Global

Manipur Viral Video Case : ৭ আগষ্টত পৰৱৰ্তী শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ে ৰাজ্যৰ জিডিপি লৈ চমন

নেশ্যনেল ডেস্ক, ১ আগষ্ট : উচ্চতম ন্যায়ালয়ে মঙলবাৰে চিবিআইক ভাইৰেল ভিডিঅ’ গোচৰত ভুক্তভোগী মণিপুৰী মহিলাকেইগৰাকীৰ ভাষ্য লিপিবদ্ধ কৰাৰ বাবে অপেক্ষা কৰাৰ নিৰ্দেশ দিছে(Manipur Viral Video Case) । দিনটোৰ শেষত নিৰ্ধাৰণ কৰা আদালতৰ শুনানিৰ ফলাফলৰ পিছত এই কাৰ্য কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে । অধিবক্তা নিজাম পাছাই ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এক বিচাৰপীঠক জনাইছে যে চিবিআয়ে দুপৰীয়াৰ ভিতৰত ভুক্তভোগীসকলৰ বিবৃতি লিপিবদ্ধ কৰিবলৈ ওলাইছে । কিন্তু তেওঁলোকে মঙলবাৰে বিষয়টোৰ শুনানিৰ বাবে অপেক্ষা কৰা উচিত ।

মঙলবাৰে দিনৰ ২ বজাত এই গোচৰৰ সৈতে জড়িত আবেদনকাৰীৰ বাথক শুনানি গ্ৰহণ কৰাৰ কথা আছিল আদালতে। ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ে মঙলবাৰে মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধানক (ডিজিপি) ৭ আগষ্টৰ দুপৰীয়া ২ বজাত (সোমবাৰে) পৰৱৰ্তী শুনানিৰ বাবে আদালতত ব্যক্তিগতভাৱে উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে।

খবৰ অনুসৰি ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদৰ নেতৃত্বত চলা বিচাৰপীঠে আজিৰ শুনানিৰ ফলাফলৰ বাবে অপেক্ষা কৰিবলৈ চিবিআইক যোগাযোগ কৰিবলৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক কয়।

কুকি পক্ষত হাজিৰ হৈ নিজাম পাছাই আজিৰ শুনানিৰ ফলাফললৈকে চিবিআইয়ে বক্তব্যসমূহ লিপিবদ্ধ কৰাত বাধা দিবলৈ আদালতত আবেদন জনায়।

অৱশ্যে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই বক্তব্যসমূহ লিপিবদ্ধ কৰাৰ জৰুৰীতাক লৈ উদ্বেগ প্ৰকাশ কৰে। সদিচ্ছাৰে কৰা বুলিও তেওঁ কয় যদিও বক্তব্য ৰেকৰ্ডিং কৰাৰ পৰা বিৰত থাকিবলৈ চিবিআইক অৱগত কৰিব।

মণিপুৰ সংঘৰ্ষৰ বিধ্বস্ত হোৱাৰ পিছতো দুমাহলৈকে কোনো ধৰণৰ প্ৰশাসনিক ব্যৱস্থা কিয় গ্ৰহণ কৰা নহ’ল বুলি দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে ককৰ্থনা কৰে মণিপুৰ চৰকাৰক। এইপৰ্যন্ত মণিপুৰত ৬৫২৩খন এফআইআৰ বিভিন্ন থানাত দাখিল কৰাৰ পিছতো আৰক্ষী–প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই ৰাজ্যখনত পৰিস্থিতি অধিক জটিল হৈ পৰে বুলিও মন্তব্য কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে।

সোমবাৰে উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে যে মণিপুৰী মহিলাসকলৰ ওপৰত যৌন নিৰ্যাতনৰ কাণ্ডক আন ৰাজ্যৰ অনুৰূপ ঘটনাৰ ওপৰত আলোকপাত কৰি ন্যায্যতা প্ৰদান কৰিব নোৱাৰি।

উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰক প্ৰতিনিধিত্ব কৰি অধিবক্তাক প্ৰশ্ন কৰে যে মণিপুৰ আৰক্ষীয়ে সংঘৰ্ষগ্ৰস্ত ৰাজ্যখনত মহিলাসকলক উলংগ কৰি যৌন নিৰ্যাতন কৰাৰ সন্দৰ্ভত এখন এজাহাৰ পঞ্জীয়ন কৰিবলৈ কিয় ১৪ দিন সময় লৈছিল । মুখ্য ন্যায়াধীশে কয় যে এই ঘটনা নিৰ্ভয়া গোচৰৰ দৰে নহয়, কিন্তু ‘ইয়াত আমি সাম্প্ৰদায়িক বা জাতিগত বিবাদৰ সময়ত সংঘটিত হৈ থকা প্ৰণালীবদ্ধ হিংসাত্মক কাৰ্যকলাপৰ সৈতে মোকাবিলা কৰি আছোঁ’ ।ভুক্তভোগীসকলে তেওঁলোকৰ আবেদনত তেওঁলোকৰ পৰিচয় সুৰক্ষিত কৰিবলৈ অনুৰোধ জনাইছে আৰু এজন আইজি পদবীৰ আৰক্ষী বিষয়াৰ নেতৃত্বত এক স্বতন্ত্ৰ এছআইটিৰ নেতৃত্বত তদন্ত বিচাৰিছে । লগতে ৰাজ্যৰ বাহিৰলৈ বিচাৰ স্থানান্তৰ কৰিব বিচাৰিছে ।

উল্লেখযোগ্য যে বিগত তিনিমাহ ধৰি মণিপুৰত সংঘটিত হৈ অহা গোষ্ঠীগত সংঘৰ্ষ সন্দৰ্ভত হস্তক্ষেপ কৰিবলগা হয় উচ্চতম ন্যায়ালয়ে। বিভিন্ন পক্ষই তৰা গোচৰৰ শুনানি গ্ৰহণ কৰি স্বয়ং মুখ্য ন্যায়াধীশগৰাকী ক্ষোভত ফাটি পৰে মণিপুৰ চৰকাৰৰ চৰম ব্যৰ্থতা। প্ৰথমবাৰৰ বাবে কোনো এখন ৰাজ্যৰ পৰিস্থিতিক লৈ এনেদৰে অধিক সক্ৰিয় আৰু আগ্ৰাসী হোৱা দেখা গ’ল উচ্চতম ন্যায়ালয়। মুখ্য ন্যায়াধীশৰ প্ৰত্যক্ষ হস্তক্ষেপৰ পিছত মণিপুৰ চৰকাৰ আৰু আৰক্ষী–প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ আৰু অপৰাধীক চিনাক্তকৰণৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব মণিপুৰৰ লগতে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ৰাজনৈতিক ভৱিষ্যতো।

লগতে পঢ়ক : Haryana Nuh Violence : ধৰ্মীয় শোভাযাত্ৰাক কেন্দ্ৰ কৰি হাৰিয়ানাত সংঘৰ্ষ, বন্ধ ইন্টাৰনেট সেৱা, ৫ জিলাত ১৪৪ ধাৰা জাৰি