Local, Vocal, Global

Manipur Violence : মণিপুৰত গেছ চিলিণ্ডাৰ ভৰ্তি ট্ৰাকত অগ্নিসংযোগ, মহিলাক গুলীয়াই হত্যা

নেশ্যনেল ডেস্ক, ১৬ জুলাই : হত্যা-হিংসাৰ দাবানলত জাহ গৈছে মণিপুৰ(Manipur Violence)। দুমাহতকৈ অধিক সময় ধৰি অগ্নিগৰ্ভৰ হৈ থকা মণিপুৰত এতিয়া শান্তি দূৰ নিলগত । ৰাজ্যখনত এতিয়াও শাম কটা নাই হিংসাত্মক পৰিস্থিতিৰ । হত্যা-হিংসাৰ এই অগ্নিগৰ্ভৰ পৰিস্থিতিৰ মাজতে শনিবাৰে পুনৰ জ্বলি উঠে মণিপুৰ।

শনিবাৰে ৰাজ্যখনৰ ইম্ফল পশ্চিম জিলাত তিনিখন খালী গেছ চিলিণ্ডাৰ ভৰ্তি ট্ৰাকত অগ্নিসংযোগ কৰে অচিনাক্ত দুষ্কৃতিকাৰীয়ে (Three Trucks Set Ablaze In Imphal) । শনিবাৰে দিনৰ ভাগতে মিছাও গেছ এজেন্সীৰ ট্ৰাক কেইখনত অস্ত্ৰধাৰী অচিনাক্ত দুৰ্বৃত্তৰ দলটোৱে অগ্নিসংযোগ কৰে।

এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে চেকামি আৰক্ষীৰ এটা দল আৰু দুখন অগ্নিনিৰ্বাপক বাহন তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় যদিও তাৰ পূৰ্বেই বিস্তৰ ক্ষতিসাধন হয় বাহনসমূহৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

ইফালে ইম্ফল পূৱ জিলাত আততায়ীৰ গুলীৰ চিকাৰ হয় এগৰাকী আদবয়সীয়া মহিলা(Manipur Violence Woman Shot Dead) । ঘটনা অনুসৰি শনিবাৰে অঞ্চলটোৰ এগৰাকী মহিলাক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। হত্যাকাৰীয়ে গুলীয়াইয়ে ক্ষান্ত নাথাকি মহিলাগৰাকীৰ মুখমণ্ডলত প্ৰহাৰ কৰি মৃতদেহ পেলাই থৈ যোৱা ঘটনাই পুনৰ সৃষ্টি কৰিছে হিংসাত্মক পৰিস্থিতিৰ । জানিব পৰা মতে সশস্ত্ৰ বাহিনীৰ দুৰ্বৃত্তৰ দলটোয়ে মহিলাগৰাকীক বাসগৃহতে আক্ৰমণ কৰে।

কেই হেইকাক মাপাল মানিং লেইকাইৰ সমীপৰ এক স্থানত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ । উল্লেখ্য মৃত মহিলাগৰাকী আছিল মাৰিং নাগা সম্প্ৰদায়ৰ।

এই দুই ঘটনাই ৰাজ্যখনত উত্তেজনা অধিক বৃদ্ধি কৰে আৰু পৰিস্থিতিৰ সম্ভাৱ্য ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈ উঠিছে আৰক্ষী । এই ঘটনাৰ পাছতেই অঞ্চলটো সাম্ভাব্য হিংসাত্মক পৰিস্থিতি ৰোধৰ বাবে মোতায়ন কৰা হৈছে আৰক্ষী। আৰক্ষীয়ে ঘটনাস্থলীত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখাৰ উপৰিও অঞ্চলৰ কেইবাটাও ঘৰত তালাচী অভিযান চলায়।

উল্লেখ্য যে, বিগত ৩ মে’ৰ পৰা অপৰিৱৰ্তিত হৈ আছে মণিপুৰৰ এই হিংসাত্মক পৰিস্থিতি । এই ধ্বংসলীলাত মণিপুৰত শতাধিক লোকৰ ইতিমধ্যে প্ৰাণহানি হৈছে । আনহাতে গৃহহাৰা হৈ পৰিছে হাজাৰ হাজাৰ লোক।

লগতে পঢ়ক : Lionel Messi : গুৰুতৰ পথ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল লিঅ’নেল মেছি