Local, Vocal, Global

Manipur violence: ভাৰতীয় সেনাই জনালে, পৰিস্থিতি নিয়ন্ত্ৰণাধীন; বাতিল হৈছে ৪খন ৰে’ল

নেশ্যনেল ডেস্ক , ৫ মে’: অশান্ত মণিপুৰত সংঘটিত সংঘৰ্ষ আৰু ইয়াক নিয়ন্ত্ৰণলৈ অনাৰ প্ৰসংগত ভাৰতীয় সেনাই উল্লেখ কৰে যে, ইতিমধ্যে মৰে’ আৰু কাংপকপি অঞ্চলৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছে আৰু সামান্য সুস্থিৰ হৈছে । ভাৰতীয় সেনাই উল্লেখ কৰা অনুসৰি, ইম্ফল আৰু চুৰাচান্দপুৰ অঞ্চলত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ ক্ষেত্ৰত সেনাৰ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে (Normalcy in Imphal and Churachandpur) । লগতে চুৰাচান্দপুৰকে ধৰি ৰাজ্যখনৰ স্পৰ্শকাতৰ স্থানসমূহত ফ্লেগ মাৰ্চ কৰা বুলি জানিবলৈ দিয়ে (Flag march in Churachandpur and other sensitive areas) ।

ভাৰতীয় সেনাই দিয়া বিৱৰণ অনুসৰি, “মৰে’ আৰু কাংপোকপিৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছে আৰু স্থানসমূহ লাহে লাহে স্বাভাৱিক হবলৈ গৈ আছে । ইম্ফলকে ধৰি চুৰাচান্দপুৰত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত আছে । মণিপুৰত অতিৰিক্তভাৱে মোতায়েন কৰা সেনাই অধিক সতৰ্কতাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ।” নাগালেণ্ডৰ পৰাও অতিৰিক্ত সেনাবাহিনী আনি ৰাজ্যখনত মোতায়েন কৰা হৈছে বুলি সেনাৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ (Indian Army officials) ।

ৰাজ্যখনৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় বায়ুসেনাৰ বিমানযোগে অতিৰিক্ত সুৰক্ষা বাহিনী বিশেষকৈ ভাৰতীয় সেনাৰ অতিৰিক্ত দল তেজপুৰ আৰু গুৱাহাটীৰ পৰা প্ৰেৰণ কৰা হৈছে । বৃহস্পতিবাৰে বায়ুসেনাৰ C 17 গ্লোব মাষ্টাৰ আৰু এ এন ৩২ এই দুখন বিমানেৰে ৰেপিড এক্সন ফৰ্চৰ বাহিনী মণিপুৰলৈ প্ৰেৰণ কৰা হয় (The Indian Air Force) । ইয়াপ পাছতে ৪ মে’ৰ নিশাৰ পৰা ৫ মে’ৰ পুৱালৈ ভাৰতীয় সেনাৰ অতিৰিক্ত দলে ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা বিভিন্ন সম্প্ৰদায়ৰ সাধাৰণ নাগৰিকসকলক উদ্ধাৰ অভিযান অব্যাহত আছিল বুলি ভাৰতীয় সেনাই জনায় ।

তাৰোপৰি অসমৰ তেজপুৰস্থিত বায়ুসেনা চাউনীৰ পৰা আজি অৰ্থাৎ শুকুৰবাৰে পুৱা আৰু দুখন বিমানৰে অতিৰিক্ত সেনা প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে । যাৰ ফলস্বৰূপে ৰাজ্যখনত হিংসাত্মক কাৰ্য সামান্য হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ।

ইফালে অগ্নিগৰ্ভা হৈ পৰা মণিপুৰত অধ্যয়নৰত অৰুণাচলৰ ছাত্ৰ-ছাত্ৰীসকলক সুৰক্ষিতভাৱে উলিয়াই অনাৰ বাবে অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ আয়ুক্তৰ তত্বাৱধানত এখন সমন্বয় সমিতি গঠন কৰা বুলি অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এক টুইটযোগে উল্লেখ কৰিছে (Arunachal Pradesh Chief Minister Pema Khandu tweet) ।

একেধৰণে বৃহস্পতিবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ খবৰ পোৱাৰ পিছতে মেঘালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এখন জৰুৰী বৈঠক আহ্বান কৰে । জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰা বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে লব লগা পদক্ষেপ গ্ৰহণৰ বিষয়ে আলোচনা কৰে ।

একেধৰণে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই এক টুইটযোগে উল্লেখ কৰা অনুসৰি, ত্ৰিপুৰা চৰকাৰে মণিপুৰত সংঘটিত অশান্ত পৰিৱেশৰ পৰিপেক্ষিতত নিজৰ বাসিন্দাসকলক সহায় আগবঢ়াবলৈ হেল্পলাইন মুকলি কৰা হৈছে (Tripura Chief Minister Manik Saha wrote on Twitter)।

ইফালে উত্তৰ-পূব সীমান্ত ৰে’লৱেই শনিবাৰলৈকে মণিপুৰ অভিমুখী চাৰিখন ৰে’লৰ চলাচল বন্ধ কৰি দিয়া বুলি উত্তৰ ৰে’লৱেৰ চিপিআৰঅ’সব্যাসাচি দেয়ে জানিবলৈ দিছে (Northeast Frontier Railway has stopped four Manipur bound trains) ।