Manipur violence : দ্বিতীয় দিনাও কেন্দ্ৰীয় চৰকাৰে আশ্বাস দিছে যে মণিপুৰৰ বিষয়ক লৈ আলোচনা হ’ব
নেশ্যনেল ডেস্ক,২১ জুলাই : মণিপুৰক লৈ উত্তাল উভয় সদন Manipur violence। মণিপুৰৰ হিংসা সন্দৰ্ভত আলোচনাৰ দাবীক লৈ বিৰোধীৰ বিচাৰপীঠৰ পৰা হুলস্থুলৰ মাজতে শুকুৰবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লোকসভাৰ সকলো সদস্যকে আশ্বাস দিয়ে যে উত্তৰ-পূৰ্বাঞ্চলৰ আইন-শৃংখলাৰ সন্দৰ্ভত সকলো বিষয়তে কেন্দ্ৰ সাজু । দ্বিতীয় দিনাও কেন্দ্ৰীয় চৰকাৰে আশ্বাস দিছে যে মণিপুৰৰ বিষয়ক লৈ আলোচনা হ’ব । প্ৰতিটো বিষয় আলোচনাৰ বাবে সাজু কেন্দ্ৰীয় চৰকাৰ (Rajnath Singh says government ready for discussion on Manipur incidents)।
বিৰোধীয়ে সংসদৰ মজিয়াত প্ৰতিবাদী শ্ল’গান দিয়াৰ সময়তে শাসকীয় পক্ষই বিষয়টো আলোচনাৰ বাবে সাজু হৈছে(Manipur Women Paraded Naked) । মণিপুৰৰ বিষয়ক লৈ কিছু বিৰোধী নেতাই শ্ল’গান দিয়াৰ পাছতে শুকুৰবাৰে লোকসভাত দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হয় । ইয়াৰ মাজতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুকুৰবাৰে লোকসভাৰ সকলো সদস্যকে আশ্বাস দিয়ে যে কেন্দ্ৰই উত্তৰ-পূব ৰাজ্যখনৰ আইন-শৃংখলা সন্দৰ্ভত সকলো বিষয় আলোচনা কৰিবলৈ সাজু আৰু ইচ্ছুক । অধ্যক্ষ ওম বিৰলাই তেওঁক আহ্বান জনোৱাৰ পাছতে ৰাজনাথ সিঙে নিম্ন সদনক সম্বোধন কৰি এই আশ্বাস প্ৰদান কৰে ।
ৰাজনাথ সিঙে কয় যে মণিপুৰৰ ঘটনাটো নিশ্চিতভাৱে এক অতি গুৰুতৰ বিষয় আৰু পৰিস্থিতি অতি চিন্তনীয় । যাৰ বাবে প্ৰধানমন্ত্ৰীয়ে নিজেই কৈছে যে ৰাজ্যখনত যি ঘটিছে সমগ্ৰ দেশকে লজ্জানত কৰিছে । বিৰোধী দলৰ সদস্যসকলে মণিপুৰৰ পৰিস্থিতিৰ প্ৰতি যিমান গুৰুত্ব দিব লাগে সিমান গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, মণিপুৰক লৈ যাতে আলোচনা হ’ব নোৱাৰে তাৰ বাবে কিছুমান ৰাজনৈতিক দলে সংসদত এক অপ্ৰয়োজনীয় হুলস্থূলৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে ।
তেওঁৰ অভিযোগ মণিপুৰৰ বিষয়ক কিছুমান বিৰোধী দলে গুৰুত্ব সহকাৰে লোৱা নাই । যাৰ বাবে বৃহস্পতিবাৰে চলিত বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিৰ দিনটো সংসদৰ দুয়োখন সদনৰ কাম কাজ ব্যাহত হৈছিল । মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে ঘটনাটোৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দিছে । চৰকাৰে মণিপুৰক লৈ সংসদত আলোচনা বিচাৰে । সৰ্বদলীয় বৈঠকতো ৰাজনাথ সিঙে এই কথা কোৱা বুলি উল্লেখ কৰে ।
উল্লেখ্য যে বৃহস্পতিবাৰে সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মণিপুৰৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । মণিপুৰৰ কন্যাৰ সৈতে যি ঘটনা ঘটিছে সেয়া ক্ষমাৰ যোগ্য নহয় বুলিও প্ৰধানমন্ত্ৰীয়ে দাবী কৰিছিল । দেশৰ সকলো মুখ্যমন্ত্ৰীকে নিজ নিজ ৰাজ্যসমূহত আইন-শৃংখলা পৰিস্থিতি কঠোৰ কৰবিলৈও তেওঁ আহ্বান জনাইছিল ।
লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে “এই ঘটনা ৰাজস্থান, ছত্তীশগড়, বা মণিপুৰত হওক, ভাৰতৰ যিকোনো কোণত, যিকোনো ৰাজ্য চৰকাৰত হওক, ৰাজনৈতিক বিবাদৰ ওপৰত উঠি আইনৰ শাসনৰ তাৎপৰ্য আৰু মহিলাৰ প্ৰতি সন্মান বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ । এই দেশৰ নাগৰিকসকলক কয় যে কোনো অন্যায়কাৰীক ৰেহাই দিয়া নহ’ব। আইনখনক সকলো শক্তিৰে বলপূৰ্বকভাৱে নিশ্চিত কৰাৰ বাবে প্ৰতিটো পদক্ষেপ গ্ৰহণ কৰা হ’ব।’
ইফালে, মণিপুৰক লৈ একাংশ বিৰোধী সদস্যই শ্লোগান চিঞৰ-বাখৰ কৰাৰ মাজতে শুকুৰবাৰে নিম্ন সদন দুপৰীয়া ১২ পৰ্যন্ত স্থগিত ৰখা হয়।
লগতে পঢ়ক : Manipur Women Paraded Naked : মণিপুৰ জঘন্য কাণ্ডৰ মূল ৪ অভিযুক্তক গ্ৰেপ্তাৰ, মহিলাক মেইটেই যুৱকক গতাইছিল আৰক্ষীয়ে!https://mynewsne.com/manipur-women-paraded-naked-manipur-women-horrific-video-allegation-against-police/