Local, Vocal, Global

Manipur Violence : মণিপুৰৰ কাণ্ডক গৰিহণা দি বলীউডৰ চেলিব্ৰিটিসকলক সমালোচনা মেৰী কমৰ অভিনেত্ৰী লিন লাইশ্ৰমৰ

নেশ্যনেল ডেস্ক, ২২ জুলাই : ছ’চিয়েল মিডিয়াত দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰা (Manipur Violence) আৰু এগৰাকীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বলীউডৰ চেলিব্ৰিটিসকলে মণিপুৰৰ সমৰ্থনত মাত মতাৰ বাবে সমালোচনা কৰিছে মেৰী কমৰ অভিনেত্ৰী লিন লাইশ্ৰমে (Manipur Women Paraded Naked)। উত্তৰ-পূব ৰাজ্যখনৰ লিনে নিজৰ ইনষ্টাগ্ৰামত তীব্ৰ সমালোচনা কৰিছে বলিউডৰ চেলিব্ৰেটিক (Mary Kom actress Lin Laishram slams Bollywood celebs condemning the Manipur incident) ।

একেৰাহে দুমাহতকৈ অধিক সময় ধৰি মণিপুৰ উত্তাল কৰি ৰাখিছে সংঘৰ্ষকাৰীয়ে। বিবস্ত্ৰা কৰি খোজ কঢ়োৱা মহিলা দুগৰাকীৰ উপৰিও ৰাজ্যত ইণ্টাৰনেট ঘূৰি অহাৰ লগে লগে আন বহু ঘটনা চৰ্চালৈ আহিছে। শেহতীয়াকৈ এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে এটা কুকি সম্প্ৰদায়ৰ কটা মুৰ পথত পৰি আছে।

মানৱ অধিকাৰ কৰ্মী ইৰোম শৰ্মিলা চানুৱে ৰাজ্যৰ এই বিশৃংখলতাৰ বাবে কেন্দ্ৰক দোষাৰোপ কৰিছে । শুকুৰবাৰে তেওঁ কয় যে যদি কেন্দ্রই সঠিক সময়ত হস্তক্ষেপ কৰিলেহেঁতেন তেন্তে ইমান ৰক্তপাত আৰু উলংগ হৈ দুগৰাকী মহিলাৰ খোজ কঢ়াৰ ঘটনা নহ’লহেঁতেন ৷

ইৰোমৰ উপৰিও ‘মেৰী কম’ ছবিৰ অভিনেত্ৰী লিন লাইশ্ৰমে এইবাৰ মণিপুৰৰ পৰিস্থিতিকলৈ বলীউডৰ চেলিব্ৰিটিসকলক লক্ষ্য কৰি লৈছে ।

মণিপুৰত দুগৰাকী মহিলাক নিৰ্যাতনৰ ভিডিঅ’ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বলীউডৰ চেলিব্ৰিটিসকলে । তেওঁলোকক সমালোচনা কৰি লিনে ছ’চিয়েল মিডিয়াত লিখিছে যে এই হিংসা দুমাহ ধৰি চলি আছে । “আমি চিঞৰি চিঞৰি আপোনাৰ সহায় বিচৰাৰ সময়ত আপোনাৰ ইনষ্টা ষ্ট’ৰী আৰু টুইটবোৰ ক’ত আছিল??” ইনষ্টাগ্ৰামৰ এটা ষ্ট’ৰীত লিখিছে তাই ।

আন এটা পোষ্টত লিনে লিখিছে, গুড মৰ্নিং ‘সজাগ’ লোকসকল। মই তোমালোকক কওঁ এই নৃশংসতা ২ মাহ ধৰি চলি আছে ।

আন এটা ইনষ্টাগ্ৰাম ষ্ট’ৰীত অভিনেত্ৰীগৰাকীয়ে উৰ্ফি জাভেদৰ ভিডিঅ’টো শ্বেয়াৰ কৰাৰ বাবে বলীউডৰ পাপাৰাজী ভাইৰাল ভায়ানীক তীব্ৰ সমালোচনা কৰে । য’ত তেওঁক হাতত এখন প্লেকাৰ্ড লৈ থকা দেখা গৈছে । সেই পোষ্টত উৰ্ফীয়ে মণিপুৰৰ ঘটনাৰ প্ৰতিবাদ কৰিছিল । সেই পোষ্টৰ বিষয়ে লিনে লিখিছে, আপোনালোকে এই পোষ্টবোৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ব্যৱহাৰ কৰিছে? বন্ধ কৰক এইবোৰ। আগতে আপোনালোকৰ মণিপুৰৰ কোনো খবৰেই (f**king clue) নাছিল নেকি!

উল্লেখ্য যে দুগৰাকী মহিলাক উলংগ হৈ খোজ কঢ়াৰ খবৰ দেখা পোৱাৰ পাছত পুনৰ শিৰোনাম দখল কৰিছে মণিপুৰে । কুকি সম্প্ৰদায়ৰ এজন লোকৰ কটা মূৰটো পথত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে । ইয়াৰ এটা ভিডিঅ’ ভাইৰেল হৈছে । মণিপুৰে ক্ৰমান্বয়ে দেশৰ মূৰ লজ্জানত কৰিছে । সমগ্ৰ দেশতে উলংগ কৰি মহিলাক খোজ কঢ়োৱাৰ ঘটনাক তীব্ৰ সমালোচনা কৰা হৈছে ।

কটা মূৰটো উদ্ধাৰ হোৱা কুকি জনগোষ্ঠীৰ লোকজনকো চিনাক্ত কৰা হৈছে । তেওঁৰ নাম ডেভিদ থিক । বিষ্ণুপুৰ জিলাৰ এটা স্থানীয় অঞ্চলৰ এটা ঘৰৰ বাঁহৰ বেৰত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় তেওঁৰ মূৰটো । যাৰ ফলত আতংকৰ পৰিৱেশৰ সৃষ্টি হয়। জানিব পৰা মতে যোৱা ২ জুলাইত সংঘৰ্ষৰ সময়ত তেওঁ নিহত হৈছিল ।

কিছুদিন পূৰ্বে মণিপুৰত দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথত খোজ কঢ়াই নিয়াৰ ভিডিঅ’ ভাইৰেল হৈছিল । ইয়াৰ পাছতে সৰ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । যোৱা ৪ মে’ত লোৱা হৈছিল এই ভিডিঅ’টো। সেই মহিলাসকলক দলবদ্ধ ধৰ্ষণ কৰা বুলিও অভিযোগ উত্থাপন হৈছে। অভিযোগৰ আঙুলি মণিপুৰৰ মেইটেই সম্প্ৰদায়ৰ প্ৰতি। মণিপুৰ আৰক্ষীৰ ছুপাৰ কে মেগাচন্দ্ৰ সিঙেও এক বিবৃতি প্ৰদান কৰে। সমগ্ৰ দেশৰ বিৰোধী দলসমূহৰ লগতে বিভিন্ন শ্ৰেণীৰ লোকে এই লজ্জাজনক ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

লগতে পঢ়ক : Manipur horror : মণিপুৰ কাণ্ডৰ চাৰিওটা অভিযুক্তক ১১ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ