Local, Vocal, Global

Manipur violence: মণিপুৰৰ ঘটনাৰ তদন্ত সম্পন্ন ৩জনীয়া তদন্ত আয়োগৰ

নিউজ ডেস্ক,২০নৱেম্বৰ : মণিপুৰৰ ঘটনাৰ তদন্ত সম্পন্ন ৩জনীয়া তদন্ত আয়োগৰ।

আজি গৃহ মন্ত্ৰালয়ক তদন্তৰ প্ৰতিবেদন দাখিল কৰিব আয়োগে।

তদন্ত আয়োগৰ নেতৃত্বত আছিল অজয় লাম্বা।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অজয় লাম্বা(Manipur violence)।

ইতিমধ্য়ে তদন্ত আয়োগে সংগ্ৰহ কৰিছে প্ৰায় ১১,০০০ শপতনামা।

লগতে পেন ড্ৰাইভ,বিভিন্ন আলোকচিত্ৰ,বিভিন্ন নথিও সংগ্ৰহ।

তদন্ত আয়োগে সংগ্ৰহ কৰা সামগ্ৰীৰ পৰিমাণ হৈছে প্ৰায় ২.৫টন।

দুটাকৈ কোঠাত ৰখা হৈছে এই সামগ্ৰীসমূহ।

তদন্ত সময়ত মণিপুৰৰ DC,SP ৰ পৰাও সংগ্ৰহ কৰা হৈছিল তথ্য়।

বিগত বৰ্ষত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গঠন কৰিছিল এই তদন্ত আয়োগ।

লগতে পঢ়ক:Dibrugarh railway incidents: ডিব্ৰুগড় ৰে’লপথত অঘটন