Manipur shameful incident: মণিপুৰৰ কাণ্ডক লৈ উচ্চতম ন্যায়ালয়ৰ CJIয়ে কলে – ভিডিঅ’টোৱে সকলোকে বিচলিত কৰিছে, চৰকাৰে ব্যৱস্থা লোৱা উচিত
নেশ্যনেল ডেস্ক,২০ জুলাই: মণিপুৰত একাংশ লোকে দুগৰাকী মহিলাক উলংগ কৰি পথত পেৰেড কৰাৰ ভিডিঅ’ক লৈ উদ্বেগ প্ৰকাশ কৰিছে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে । এই ঘটনাক লৈ শীঘ্ৰেই ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান জনায় ভাৰতৰ মুখ্য ন্যায়াধীশগৰাকীয়ে (Chief Justice of India DY Chandrachud) । মুখ্য ন্যায়াধীশগৰাকীয়ে এই কাণ্ডক ‘অত্যন্ত বিৰক্তিকৰ’ আৰু ‘সম্পূৰ্ণৰূপে অগ্ৰাহ্য কৰিবলগীয়া’ বুলি অভিহিত কৰে (Manipur shameful incident) । ডি ৱাই চন্দ্ৰচুড়ে কয় যে সাম্প্ৰদায়িক সংঘৰ্ষৰ ক্ষেত্ৰত নাৰীক আহিলা হিচাপে ব্যৱহাৰ কৰাটো একেবাৰেই গ্ৰহণযোগ্য নহয় ।
ই হৈছে আটাইতকৈ গুৰুতৰ সাংবিধানিক অপব্যৱহাৰ। মণিপুৰৰ ভিডিঅ’টোক লৈ উচ্চতম ন্যায়ালয়ে suo moto cognizance হিচাপে বিবেচনা কৰিছে (Supreme Court took cognizance of Manipur incident) । অহা ২৮ জুলাইত শুনানি গ্ৰহণ কৰা হ’ব বিষয়টোৰ (Viral video of Manipur) । এই লৈ ভাৰতৰ মুখ্য ন্যায়াধীশগৰাকীয়ে কলে, এই বিষয়ত লোৱা পদক্ষেপৰ বিষয়ে কেন্দ্ৰ আৰু ৰাজ্যই আমাক অৱগত কৰা উচিত । তেখেতে কয় যে আমি বিষয়টো ২৮ জুলাইত শুনিম । যদি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আমি কৰিম । এতিয়া চৰকাৰে প্ৰকৃততেই আগবাঢ়ি আহি ব্যৱস্থা লোৱাৰ সময় আহি পৰিছে । সাংবিধানিক গণতন্ত্ৰত এইটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়।
মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “আমাৰ অভিমত যে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে ন্যায়ালয়ক অৱগত কৰা উচিত যাতে অপৰাধীৰ বিৰুদ্ধে এনে ধৰণৰ হিংসাৰ বাবে গোচৰ ৰুজু কৰিব পৰা যায় । সংবাদ মাধ্যম আৰু ভাইৰেল হোৱা ভিজুৱেলত যি দৃশ্য দেখুওৱা হৈছে, সেইটোৱে এক গুৰুতৰ সাংবিধানিক উলংঘনক প্ৰতিফলিত কৰিছে ।
অমিত শ্বাহৰ বীৰেন সিঙৰ লগত টেলিফোনিক বাৰ্তালাপ:
বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনযোগে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ লগত বাৰ্তালাপ কৰে । ধাৰণা কৰা অনুসৰি, দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে এই ঘটনাৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীক নিৰ্দেশ দিছে । সূত্ৰৰ পৰা জানিব পৰা মতে, অমিত শ্বাহে সিঙক ঘটনাৰ লগত জড়িত আটাইকেইজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিছে নিৰ্দেশ ।