Arms Recovered in Manipur : মণিপুৰত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

নিউজ ডেস্ক , ২৩অক্টোবৰ : মণিপুৰত জব্দ অবৈধ মাৰণাস্ত্ৰ । দেওবাৰে মণিপুৰত নিৰাপত্তা বাহিনীৰ অভিযান চলাই । অভিযানত চলাই মণিপুৰৰ কেইবাটাও অঞ্চলত । এই অভিযানত জব্দ কৰে মাৰণাস্ত্ৰ(Arms Recovered in Manipur) ।
উল্লেখ্য যে, অব্যাহত আছে চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান। দেওবাৰে মণিপুৰ মণিপুৰৰ কাকচিং, চুৰাচান্দপুৰ, থৌবাল আৰু পশ্চিম ইম্ফল জিলাৰ বিভিন্ন অঞ্চলত নিৰাপত্তাৰক্ষীয়ে অভিযান চলাই । এই অভিযানত জব্দ কৰে বুজন সংখ্যক মাৰণাস্ত্ৰ(Active Member Of Underground Group Nabbed With Ammo)।
জানিব পৰা মতে এই অভিযানত ২টা কাৰ্বাইন, ২টা নাইন এম এম পিস্তল, পইন্ট টু টু পিস্তল ১টা, ১টা চিংগল বেৰেল সহ ৫০ টা সতেজ গুলি, নাইম এম এম পিস্তলৰ বুজন সংখ্যক গুলি সহ কেবাটাও গ্ৰেনেড জব্দ কৰে(Manipur Police detains active member of underground group, seizes ammunition)।
ইফালে পশ্চিম ইম্ফল জিলাত চলোৱা আন এক অভিযানত মনিপুৰ আৰক্ষীয়ে এটা নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ এজন দুৰ্ধৰ্ষ কেডাৰক গ্ৰেপ্তাৰ কৰে। উগ্ৰপন্থী জনৰ পৰা ইউবিজিএল পিস্তলৰ ৬৮ টা, ৭.৬২ পিস্তলৰ ৭৫২টা আৰু ৫.৫৬ পিস্তলৰ ২৯৪ টা সতেজ গুলি জব্দ কৰা হয়(Underground group member nabbed with huge cache of ammunition in Imphal West )।
লগতে পঢ়ক : Assam Rifles seizes weapon : মিজোৰামত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্র